Begin typing your search above and press return to search.

ৰবি শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব: ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰা

ৰবি শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব: ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2019 8:23 AM GMT

ৰবি শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ৰাজ্যিক কৃষিমন্ত্ৰী এই মন্তব্য অতুল বৰাৰ ৷ ২০২২ চনৰ ভিতৰত কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক প্ৰাধান্য দি চলিত বৰ্ষত ৰাজ্যৰ কৃষি বিভাগে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে। কাৰণ চলিত বৰ্ষত বান পানীয়ে কৃষকসকলৰ খেতি পথাৰত যথেষ্ট প্ৰভাৱ পেলালে ৷জনতা ভৱনত সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই কয় যে চলিত বৰ্ষত ধান উৎপাদনত প্ৰভাৱ পৰিব পাৰে ৷

কাৰণ বানপানীয়ে ২.১৪,৫৪১ হেক্টৰ শস্য আৰু ২,৩৫,১৭৯ হেক্টৰ কৃষি কৃষি ভূমিৰ লগতে ৭,৯৮,৯১১ টা পৰিয়ালক প্ৰভাৱিত কৰিছে। ২০১৮-১৯ বৰ্ষৰ প্ৰাৰম্ভিক হিছাপে অনুসৰি ধান উৎপাদন হৈছিল ৫৬.২৭ লাখ টন ।গতিকে ২০১৯-২০ বৰ্ষত যাতে উৎপাদনৰ সংখ্যা বৃদ্ধি হয় তাৰ কাৰণে উৎপাদনত গুৰুত্ব দিব বিভাগে।

ৰাজ্য চৰকাৰে চলিত বৰ্ষত কৃষি বিভাগৰ উন্নতিৰ কাৰণে ৩৫ কোটি টকা প্ৰদান কৰিছে ৷ ইফালে জে ফাৰ্ম ছাৰ্ভিচ নামৰ কৰ্পৰেট গোষ্ঠীৰ এটা এপ মুকলি কৰি মন্ত্ৰী অতুল বৰাই কয় যে খাদ্য শস্যৰ পৰিমাণ দুগুণ বৃদ্ধি হ’ব ৷ আনহাতে ডিজিটেল পদ্ধতিৰে এই সেৱাৰ জৰিয়তে ট্ৰেক্টৰ,পাৱাৰ টিলাৰ আদি কৃষি কাৰ্যত ব্যৱহাৰ হোৱা যন্ত্ৰপাতি থকাসকলৰ পৰা আন কৃষকসকলো উপকৃত হ’ব ৷

কৃষকে যিকোনো স্মাট ফোন আৰু সাধৰণ ফোনৰ জৰিয়তে প্ৰয়োজন হোৱা যন্ত্ৰপাতি ভাৰাত বিচাৰিব পাৰিব। আনহাতে ডিমা হাচাও জিলাত এখন হৰ্টিকাল্চাৰ মহাবিদ্যালয় স্থাপন কৰাৰ কথাও উল্লেখ কৰে ৷ইয়াৰ কাৰণে ইতিমধ্যে প্ৰায় ৪০০ বিঘা ভূমি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে অসমৰ খাদ্য শস্য উৎপাদনৰ পৰিমাণ পূৰ্বতকৈ ২.৫২ শতাংশ বৃদ্ধি হৈছে ৷ এই মন্তব্য অতুল বৰাৰ ৷ লগতে ৰাজ্য চৰকাৰে নতুন কৃষি নীতি প্ৰস্তুত কৰি আছে বুলিও সংবাদ মেলত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ সকলো স্তৰৰ বিকাশৰ কাৰণে ভোটদাতাসকলে ভোটদান কৰিছেঃ অগপৰ সভাপতি অতুল বৰা

ভিডিঅ প্ৰতক্ষ্য কৰক:House Arrested Charaideo youths in Tamil Nadu seek help from Assam Govt via Social Media

Next Story
চাকৰি