Begin typing your search above and press return to search.

ঘৰুৱা ভাৱে বিদায় দিয়ক আপোনাৰ বয়স ৰেখাক: কিন্তু কেনেকৈ?

ঘৰুৱা ভাৱে বিদায় দিয়ক আপোনাৰ বয়স ৰেখাক: কিন্তু কেনেকৈ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 12:24 PM GMT

ঘৰুৱা ভাৱে বিদায় দিয়ক আপোনাৰ বয়স ৰেখাক: কিন্তু কেনেকৈ? সাম্প্ৰতিক সময়ত আমাৰ সকলোৰে ব্যস্ততা পূৰ্ণ জীৱনত আমাক নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ সময় অতি কম থাকে ৷ তাৰ মাজতে আমি সকলোৱে নিজৰ স্বাস্থ্য তথা সৌন্দৰ্যৰ প্ৰতি সচেতন ল’ব লাগে ৷সৌন্দৰ্য্যৰ ক্ষেত্ৰত সম্প্ৰতি আমাৰ সকলৰো এটা প্ৰধান সমস্যা হৈছে আমাৰ মুখ তথা চকুৰ তলত বয়স ৰেখা পৰা ৷কিন্তু সঠিক সময়ত সঠিকভৱে তাৰ যতন ল’লে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

মুখত বা আমাৰ চকুৰ তলত বয়স ৰেখা পৰা বহুত কাৰণ থাকে ৷ নিশা উজাগৰে থকা,দেহত ভিটামিনৰ অভাৱ আদি বহু কাৰণৰ কাৰণে আমাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল পৰে ৷কিন্তু চকুৰ তলত পৰা সেই ডাৰ্ক চাৰ্কলসমূহৰ আমি ঘৰুৱা ভাৱে বিভিন্ন বস্তু ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰো । দেহত সাধাৰণতে ভিটামিন ই ৰ পৰিমাণ হ্ৰাস পালেও আমাৰ ছালখন শুকান যেন ভাৱ হয় ।কিন্তু আমি যদি দৈনিক নেমু,বা ভিটামিন যুক্ত আহাৰ সেৱন কৰোঁ তেন্তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো।

লগতে নেমু যদি আমি চকুৰ তলত লগাঁও তেতিয়াও ভাল ফলাফল লাভ কৰিব পাৰো। লগতে নাৰিকল তেলো আমি ব্যবহাৰ কৰিব পাৰো ৷ নাৰিকল তেল আমাৰ ছালৰ কাৰণে অত্যন্ত উপযোগী ৷নিশা শুৱাৰ প্ৰাকমুহুৰ্তত আমি যদি নাৰিকল তেলেৰে আমাৰ চকুৰ চাৰিও কাষ মালিচ কৰো তেন্তে সুফল লাভ কৰিব পাৰো। লগতে ভিটামিন ই ৰ কেপচুলৰ তেলটো আমাৰ মুখত ব্যৱহাৰ কৰিব পাৰো। কিন্তু আমি ভিটামিন ই যুক্ত আহাৰ খোৱাটো অত্যন্ত জৰুৰী। উল্লেখ্য যে এই সকলোবোৰ কৰাৰ পিছত যদি আমি ভালকৈ টোপনি নাযাও তেন্তে স্বাস্থ্যৰ সমস্যা কেতিয়াও সমাধান নহয় । গতিকে সুস্থ মন,শৰীৰ আৰু ছাল পাবলৈ ভালকৈ শোৱা,খোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক: অত্যাধুনিক এখন হোটেল:কিন্তু এনিশাৰ মূল্যই সচকিত কৰিব আপোনাক

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি