ধূমপান নিষিদ্ধ : কেন্দ্ৰৰ পৰা লাভ কৰা পত্ৰৰ পিছত COPTA ৰ ক্ষেত্ৰত সৰৱ দিছপুৰ

ধূমপান নিষিদ্ধ : কেন্দ্ৰৰ পৰা লাভ কৰা পত্ৰৰ পিছত COPTA ৰ ক্ষেত্ৰত সৰৱ দিছপুৰ

ধূমপান নিষিদ্ধ : কেন্দ্ৰৰ পৰা লাভ কৰা পত্ৰৰ পিছত COPTA ৰ ক্ষেত্ৰত সৰৱ দিছপুৰ । কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা এক আনুষ্ঠানিক পত্ৰ লাভ কৰা পিছত COPTA ( the cigarettes and other tobacco products ) ৰ অন্তৰ্গত নীতি নিয়ম সমূহ সততাৰে পালন কৰা ক্ষেত্ৰত দিছপুৰ এতিয়া কঠোৰ হৈ পৰিছে ।

ইয়াৰ অধীনত তদাৰক কমিটীয়ে ৰাজ্যৰ শিক্ষা সংস্থান সমূহৰ ছাত্ৰ ছাত্ৰী সকলক ধূমপান জনিত নিচাজাতীয় পদাৰ্থ সমূহৰ পৰা দূৰত ৰাখে ।

এয়া প্ৰথম নহয় যে অসমে প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা পত্ৰৰ পিছত ধূমপান ৰোধ কৰাৰ বাবে কঠোৰ হৈছে । কিছুদিন পূৰ্বেও নাৰী আৰু শিশু বিকাশৰ কেন্দ্ৰীয় মন্ত্ৰী (women and child development ) স্মৃতি জুবিন ইৰানিয়ে কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ আইন ২০১৩ , ৰ বাস্তাৱায়ন কৰাৰ ক্ষেত্ৰত দুৰ্বলতাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মনোযোগ আকৰ্ষণ কৰিছিল ।

তাৰোপৰি অনুচ্ছেদ ৪ ত থকা চিগাৰেট আৰু আন ধূমপান সামগ্ৰী ( বিজ্ঞাপন নিষিদ্ধ , বেপাৰ তথা বানিজ্যত নিষিদ্ধ আৰু জমা আৰু বিতৰনত নিষিদ্ধ ) ২০০৩ COPTA আইনৰ অধীনত কোনো লোকে ৰাজহুৱা স্থানত ধূমপান কৰিব নোৱাৰিব । ২০০৩ চনৰ এই আইন খনৰ ভিত্তিত ১৮ বছৰৰ তলৰ কোনো লোকে শিক্ষামূলক অনুষ্ঠানৰ ১০০ গজ ব্যাসাৰ্ধৰ ভিতৰত চিগাৰেটৰ লগতে আন‌ ধূমপান জনিত সামগ্ৰী সমূহ বিক্ৰী , বিক্ৰীৰ বাবে প্ৰস্তাৱ , বিক্ৰী কৰিব নোৱাৰিব ।

তাৰোপৰি COPTA বহু দিন পূৰ্বেই সম্পাদনা কৰা হৈছিল । কিন্তু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যত এই আইনখন কাৰ্যকৰী হৈ উঠা নাই । তাৰপিছতেই নাৰী আৰু শিশু বিকাশৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰানিয়ে COPTA ৰ অধীনত থকা নীতি নিয়ম সমূহ পালন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে ।

কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰেৰণ কৰা এই পত্ৰ খনত অনুচ্ছেদ ৬ ৰ COPTA ৰ অন্তৰ্গত নীতি নিয়ম সমূহ পালন কৰাটো বাধ্যতামূলক কৰে । লগতে জনসাধৰণক ৰক্ষা কৰিবলৈ কয় । বিশেষকৈ যুৱ সমাজক ধূমপান কৰাৰ পৰা বিৰত ৰখাত গুৰুত্ব দিবলৈ কয় । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ‌কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক মূলনীতি " ধূমপান সুৰক্ষিত শিক্ষা অনুষ্ঠান" ৰ প্ৰয়োগ কৰে ।

এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে সমূহ শিক্ষা অনুষ্ঠানক আইনৰ অধীনত থকা এই মূলনীতি পালন কৰিবলৈ নিৰ্দেশ দিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Security forces foiled alleged kidnapping attempt in Pengri

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com