শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ সংবাদমেল

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনগোষ্ঠীয়  সাংস্কৃতিক সমাৰোহৰ সংবাদমেল
Published on

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনগোষ্ঠীয় সমাৰোহৰে সংবাদমেল আয়োজন কৰে । সংবাদমেলৰ জৰিয়তে ২৬ মাৰ্চৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কথা প্ৰকাশ কৰে ।

এই সভাত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি দেৱেশ্বৰ বৰুৱা, সম্পাদক উদয়ন কুমাৰ গগৈ, জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰফুল্ল হাফিলা ।

৪ৰ্থ বাৰৰ বাবে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ খন আয়োজন কৰা হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন জনগোষ্ঠীৰ লোকে এই জনগোষ্ঠীয় সমাৰোহ খনত অংশগ্ৰহণ কৰিব প্ৰকাশ কৰে ।

১১৫ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব এই সমাৰোহত। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, সমন্বয়ৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ প্ৰচেষ্টাৰে আয়োজন কৰা হৈছে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ খন বুলি প্ৰকাশ কৰে উদ্যোতা সকলে ।বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহৰে তিনি দিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে এই সাংস্কৃতিক সমাৰোহৰ খন।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com