বিশ্বৰ ভিতৰতে যান-জঁট সমস্যাৰ শীৰ্ষ স্থানত মুম্বাই, চতুৰ্থ স্থানত আছে দিল্লী

বিশ্বৰ ভিতৰতে যান-জঁট সমস্যাৰ শীৰ্ষ স্থানত মুম্বাই, চতুৰ্থ স্থানত আছে দিল্লী

যাট-জঁটৰ সমস্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছে মায়াবী নগৰী মুম্বাই। কেৱল মুম্বাইৰ স্থানীয় লোক সকলৰ বাবেই নহয় , বাহিৰৰ পৰা গৈ মুম্বাইত বসবাস কৰা লোকসকলৰ বাবে এই বৃহৎ সমস্যা সৃষ্টি হৈছে । উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ ভিতৰতে মুম্বাইত ট্ৰেফিক জামৰ যি সমস্যাৰ সন্মুখীন হৈছে, তাৰ বাবে সমাধান উলিওৱাটো বৰ্তমান সময়ৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে ।

বিশ্ব ভিত্তিক প্ৰস্তুত কৰা এই তালিকা খনত অকলে মুম্বাই নাই , মুম্বাইৰ সমান্তৰালকৈ ভাৰতৰ আন চহৰৰ নামো উল্লেখ আছে । দেশৰ ৰাজধানী চহৰ দিল্লী চতুৰ্থ স্থানত আছে । বিশ্বৰ ৫৬ দেশৰ ভিতৰত এই সমীক্ষাটো তৈয়াৰ কৰা হৈছিল । লকেচন টেকন'লজি স্পেছিয়েলিষ্ট TomTom য়ে এই তালিকা খন প্ৰস্তুত কৰিছে । ইয়াৰ যোগেদি Apple আৰু Uber লৈ মানচিত্ৰ প্ৰেৰণ কৰে।

ৰিপোৰ্টত উল্লেখ কৰা হৈছে, " মুম্বাইত সৰ্বাধিক যান-জঁটৰ সৃষ্টি হয় । যান-জঁটৰ ফলতে ৬৫% অধিক সময়ৰ প্ৰয়োজন হয় চালক সকলৰ । বিশ্ব ভিত্তিত বগতাত ৬৩ % অধিক সময়ৰ প্ৰয়োজন হয় যাট-জঁটৰ ফলত। আনহাতে লিমাত ৫৮%, নতুন দিল্লীত ৫৮ %, মস্কোত ৫৬% অধিক সময়ৰ প্ৰয়োজন হয় ।

মুম্বাইক দেশৰ বানিজ্যিক ৰাজধানী বুলি কোৱা হয় । কিন্তু ইয়াৰে প্ৰয়োজনীয় সময়তকৈ ৬৫ %অধিক সময়ৰ প্ৰয়োজন হয় । দিল্লীত ৫৮% অধিক সময়ৰ প্ৰয়োজন হয় ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com