Begin typing your search above and press return to search.

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ জল পৰিবহন সন্দৰ্ভত প্ৰতিক্ৰিয়া

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ জল পৰিবহন সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Jun 2019 6:26 AM GMT

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ মন্তব্য যে অসম আভ্যন্তৰীণ জলপথৰে সমৃদ্ধ ৷ ইয়াৰ দ্বাৰা অসমৰ আৰ্থ সামাজিক উন্নয়নে সক্ৰিয়া ভূমিকা গ্ৰহণ কৰে ৷ অসমত ১৫ ৰাষ্ট্ৰীয় জলপথ আছে ৷ লগতে অসমৰ ২১০০ কিলোমিটাৰ জলপথ বিস্তৃত ৷ অন্যহাতে, ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন ক্ষেত্ৰৰ ১০০০ কোটি টকাৰ বিশ্ব বেংকে বিত্ত বিভাগৰ আঁচনিৰ সম্বন্ধত শুক্ৰবাৰে জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হয়।

পৰিবহন মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জল পথৰ বিশাল সম্ভাৱনাক অধিক সুচল কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে যাত্ৰীসকলৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া উচিত ৷ তথা নাওসমূহ আইডব্লিউটীৰ অধীনত পঞ্জীয়ন হোৱা আৱশ্যক ৷ ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিঙে সকলো নতুন জাহাজক জৰিপ কৰাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰিব ৷

মন কৰিব লগীয়া যে নাওসমূহৰ আধুনিকীকৰণৰ কাৰণে চৰকাৰে বিশ্ব বেংকৰ লগত বুজা বুজি কৰিছে ৷ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অফলামুখ,কমলাবাৰী,নিমাতী,উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ টাৰ্মিনেলৰ ক্ষেত্ৰত সমীক্ষা কৰে । মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অফলামুখ,নিমাতী আৰু উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী টাৰ্মিনেলসমূহক লোকসকলৰ লাভৰ কাৰণে একে সময়তে কাৰ্যক্ষম হ’ব লাগে ৷

ইফালে মন্ত্ৰী পাটোৱাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিমানবন্দৰ আৰু ধাৰাপুৰ চাৰিআলিলৈ যোৱা পথটোৰ সমীক্ষা কৰে। ইয়াৰোপৰি উজান বাজাৰ,গুৱাহাটী ৰিভাৰ ফন্ট,উমৰাংছু,ডিমা হাচাও,কাৰ্বি আলঙৰ পানীৰ এয়াৰড্ৰোমৰ বিষয়ে আলোচনা কৰে৷ উল্লেখ্য যে এই বৈঠকখনত পৰিবহন বিভাগৰ মুখ্য সচিব বিশ্বৰঞ্জন চমল,এ এচ টি চিৰ কাৰ্যবাহী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী,আইডব্লিউটিৰ পৰিচালক ৰাহুল দাসৰ লগতে বিশ্ব বেংকৰ বিভাগীয় বিষয়াসকল উপস্থিত আছিল ৷

উল্লেখ্য যে বাৰিষাৰ বতৰত হ’ব লগীয়া যিকোনো দুৰ্ঘটনাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি কৰিছে আভ্যন্তৰীণ জল পৰিবহনে ৷ বিগত সময়ত বাৰিষাৰ সময়ত নদী পাৰ হঁওতে বিভিন্ন নাও দুৰ্ঘটনা হোৱাৰ তথ্য পোৱা গৈছে ৷ লগতে এনেধৰণৰ দুৰ্ঘটনাত বহুজনৰ প্ৰাণ হানি হৈছে ৷

সেয়েহে আভ্যন্তৰীণ জল পৰিবহন বিভাগে সকলো ফেৰী আৰু নাওঁত লাইফ জেকেটকে আদি কৰি বিভিন্ন সুবিধা যাত্ৰীসকলৰ কাৰণে প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷

লগতে নাও অথবা ফেৰীসমূহত যাত্ৰাৰ সময়ত লাইফ জেকেটসমূহ পৰিধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ নাও অথবা ফেৰীৰ প্ৰত্যেকটো যাত্ৰাৰ প্ৰাকমুহুৰ্তত যাত্ৰীসকলক যাত্ৰাৰ সময়ত ল’ব লগা সাৱধানতাৰ সম্পৰ্কে জনাব লাগিব।

ইফালে বিমানৰ অৱতৰণ কৰাৰ সময়ত দিয়া নিৰ্দেশনাৰ দৰেই ফেৰী অথবা নাওসমূহত নিৰ্দেশনাৰ ব্যৱস্থা থাকিব বুলি উল্লেখ থাকে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি