Begin typing your search above and press return to search.

বিশ্বনাথত আদিবাসী ভূমি সুৰক্ষা সমিতিৰ বিক্ষোভ কাৰ্যসূচী

বিশ্বনাথত আদিবাসী ভূমি সুৰক্ষা সমিতিৰ বিক্ষোভ কাৰ্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 11:42 AM GMT

আজি সহস্ৰাধিক আদিবাসীৰ প্ৰতিবাদত কঁপি উঠিল বিশ্বনাথ । বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বনভূমিত মাটি অধিকাৰৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আজি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়লৈ যায়।

বন অধিকাৰ অনিয়ম ২০০৬ আইনৰ অধীনত আদিবাসী সকলক বন ভূমিত মাটিৰ অধিকাৰ দিয়া, আদিবাসী বন গাও অধিকাৰ সমিতিসকলক চৰকাৰী মৰ্য্যদা প্ৰদান কৰা, আদিবাসী সকলক পুণৰ নতুনকৈ বন ভূমি দাবী আবেদন কৰাৰ সুবিধা কৰা আদিৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী পালন কৰে আদিবাসী ভূমি সুৰক্ষা সমিতিয়ে।

bishwanat

উল্লেখ্য যে যি সময়ত বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে নাগৰিকত্ব সংশোধনি বিধেয়কৰ খন ৰূপায়ণৰ ব্যৱস্হা গ্ৰহন কৰিছে সেই সময়তে এই সকল আদিবাসী লোকক কোনো এখন চৰকাৰেই ভূমিৰ অধিকাৰ প্ৰ্দান নকৰাৰ বাবে আক্ষেপ কৰে প্ৰতিবাদকাৰী সকলে।

অন্য খবৰৰ বাবে পঢ়ক : এ এ এচ এচয়ে অসম মেডিকেল কলেজ আৰু হস্পিতালত মৃত্যু হোৱা আদিবাসী মহিলা ৰূপা কেৰকেতাৰ মৃত্যু প্ৰমান বিচৰাছে

Next Story
চাকৰি