Begin typing your search above and press return to search.

মহাৰাষ্ট্ৰত গণ নিগ্ৰহত দুই সাধুসহ তিনিজনৰ মৃত্যুঃ শতাধিকক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰত গণ নিগ্ৰহত দুই সাধুসহ তিনিজনৰ মৃত্যুঃ শতাধিকক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 April 2020 11:14 AM GMT

মহাৰাষ্ট্ৰত গণ নিগ্ৰহত দুই সাধুসহ তিনিজনৰ মৃত্যুঃ শতাধিকক গ্ৰেপ্তাৰ

লক-ডাউনৰ মাজতে মহাৰাষ্ট্ৰত গণ নিগ্ৰহৰ ঘটনা, উচ্চস্থৰীয় তদন্তৰ দাবী বিজেপিৰ । দুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত উন্মত্ত লোকৰ দলে মৰিয়াই তিনিজন লোকক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল । ঘটনাৰ তথ্য অনুসৰি পালঘৰ জিলাত প্ৰায় ২০০ জনীয়া লোকৰ দল এটাই তিনিজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে ।‌ ইয়াৰে দুজন লোক সাধু-সন্যাসী আৰু আনজন গাড়ীচালক আছিল।

আৰক্ষীৰ তথ্য অনুসৰি এখন গাড়ীত বহি থকা অৱস্থাত সাধু দুজন আৰু তেওঁলোকৰ গাড়ীচালকজনক চোৰৰ সন্দেহত উন্মত্ত লোকে মৰিয়াই হত্যা কৰে। মৃত লোক কেইজন ক্ৰমে সূশীল গিৰি মহাৰাজ, ছিকেন মহাৰাজ আৰু নিলেশ তেলগাড়ে । জানিব পৰা মতে, এই ঘটনা আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল। ইতিমধ্যে ঘটনা প্ৰতিৰোধত বিলম্বতাৰ বাবে কাছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ছেকেণ্ড অফিচাৰজনক চৰকাৰে নিলম্বন কৰিছে ।

এই ঘটনাটো তদন্ত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে ।ঘটনা সংক্ৰান্তত ‌এতিয়ালৈকে ১১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰেৰ লগত ফোন যোগে বাৰ্তালাপ কৰে । ঘটনা সন্দৰ্ভত তেওঁ মহাৰাষ্ট্ৰৰ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

উল্লেখ্য যে দুজন সাধুৱে গাড়ীৰে মুম্বাইৰ পৰা গুজৰাটলৈ গৈ থকা অৱস্থাত একাংশ লোকে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যে কেইজনমান চোৰ পলাই আছে ।

ইপিনে, এই বৰ্বৰোচিত ঘটনাক অখিল ভাৰতীয় অখাড়া পৰিষদে গৰিহণা দিছে। তদুপৰি পৰিষদৰ অধ্যক্ষ মহন্ত নৰেন্দ্ৰ গীড়িয়ে চৰকাৰক সকীয়াই দিয়ে যে যদিহে সকলো দোষীয়ে শাস্তি নাপায়, তেন্তে মহাৰাষ্ট্ৰত প্ৰবল আন্দোলন‌ গঢ়ি তোলা হ'ব । ঘটনা সন্দৰ্ভত বিজেপি সাংসদ সাক্ষী মহাৰাজেও টুইটাৰ যোগে দোষীৰ শাস্তিৰ দাবী কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি