Begin typing your search above and press return to search.

বন বিষয়া শ্বামিম আখটাৰৰ অধিনত তেজপুৰৰ পৰা শিল আৰু বালি ভৰ্তি ট্ৰাক জব্দ

বন বিষয়া শ্বামিম আখটাৰৰ অধিনত তেজপুৰৰ পৰা শিল আৰু বালি ভৰ্তি ট্ৰাক জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2019 10:03 AM GMT

ৰেঞ্জ বন বিষয়া শ্বামিম আখটাৰৰ অধিনত তেজপুৰৰ পৰা শিল আৰু বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত ৭ খনকৈ শিল আৰু বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

শ্বামিম আখটাৰে প্ৰকাশ কৰে যে ট্ৰাক কেইখন ঢেকিয়াজুলি ৰেঞ্জৰ ভূটপাৰা আৰু চিৰাজুলি অঞ্চলৰ পৰা জব্দ কৰিছে আৰু কেইখনমান শোণিতপুৰ জিলাৰ তেজপুৰৰ বতামাৰি আৰু ভোমোৰাগুৰিৰ পৰা জব্দ কৰিছে । শিল আৰু বালি ভৰ্তি ট্ৰাক কেইখনৰ কোনো উপযুক্ত চালান বিহীন ভাবে সামগ্ৰী সমূহ কঢ়িয়াই লৈ গৈছিল ।

উল্লেখযোগ্য যে পূৰ্বতেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধ শিল, বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে । কিন্তু তাৰ পাছতো এনে ধৰণৰ অবৈধ শিল, বালি ভৰ্তি ট্ৰাক সমুহ অবাধে চলাচল কৰি আছে ৰাজ্যত ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story