পঞ্চম আন্তজাৰ্তিক যোগ দিৱসত সৰু পৰ্দাৰ অভিনেত্ৰীসকলৰ অভিজ্ঞতা

পঞ্চম আন্তজাৰ্তিক যোগ দিৱসত সৰু পৰ্দাৰ অভিনেত্ৰীসকলৰ অভিজ্ঞতা

আজি পঞ্চম আন্তৰ্জাতিক যোগ দিৱস । বিগত পাঁচটা বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰি অহা হৈছে। সমগ্ৰ বিশ্ব বাসীৰ লগতে সৰু পৰ্দাত অভিনয় কৰা অভিনেত্ৰীসকলে নিজকে ফিট ৰাখিবৰ কাৰণে নিয়মিত ৰূপত যোগ কৰে। আজি আন্তজাৰ্তিক যোগ দিৱসত চাওঁ আহক এই অভিনেত্ৰী সকলৰ তালিকা

প্ৰথমতে বিগত দহ বছৰে যোগ কৰা অভিনেত্ৰীসকলৰ ভিতৰত আছে কবিতা কৌশিক ৷ কমেডী অনুষ্ঠান এফআইআৰত অভিনয় কৰা কবিতা কৌশিকৰ মত অনুসৰি যদি মই যোগা কৰি নাথাকিলো হয় ৷ তেতিয়া মোৰ জীৱনতো বেলেগ এটি দিশলৈ গতি কৰিল হয়। কবিতা কৌশিকে কয় যে তিনি বছৰৰ পূৰ্বে মোৰ পিতৃৰ মৃত্যু হয় ৷ ইয়াৰ পিছত মই ভাগি পৰিছিলো ৷ সেই সময়ত মই যোগৰ দ্বাৰা নিজকে পিতৃ বিয়োগৰ চিন্তাৰ পৰা ৰক্ষা কৰোঁ ৷

কবিতা কৌশিকে লগতে কয় যে যোগে মোৰ জীৱন আৰু ব্যক্তিত্বক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰে। জীৱনক লৈ মোৰ যি দৃষ্টি ভংগী সেয়া পৰিৱৰ্তন কৰিলে যোগে । মই বুজি পালো যে জীৱনত মই কি বিছাৰোঁ ৷লগতে কবিতা কৌশিকে কয় যে আজিৰ দিনত সচাঁ বন্ধু পোৱাটো বহুত কঠিন ৷গতিকে আমি যোগেকেই নিজৰ বন্ধু বুলি আগবাঢ়িব লাগে ৷কাৰণ যোগা আপোনাক কেতিয়াও নিৰাশ নকৰে ৷বৰঞ্চ আপোনাক সফলতাৰ শিখৰত আগবঢ়াই লৈ যাব ৷

সৰু পৰ্দাৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে দীপিকা সিঙ ৷ দীপিকা সিঙ কবচ ২ ৰ জৰিয়তে পুনৰ সৰু পৰ্দালৈ ওভতি আহিছে ৷ সৰু পৰ্দালৈ পুনৰ ওভতি অহাৰ সময়ত দীপিকাই নিজৰ সন্তান আৰু ফিটনেছৰ ওপৰত বহুত গুৰত্ব প্ৰদান কৰিছে ৷ দীপিকাৰ ওজন হ্ৰাস কৰা আৰু ফিটনেছ হৈ থকাত যোগাই গুৰুত্ব পূৰ্ণ ভূমিকা লয় ৷ ইফালে দীপিকাই দৃশ্য গ্ৰহণ চলি থকা সময়তো যোগা কৰে।দীপিকাই কয় যে ঘন্টা ধৰি কাম কৰাৰ পিছতো যোগা কৰিলে মনটো শান্ত হৈ থাকে । যোগৰ দ্বাৰা ওজন হ্ৰাস হয়। মই দৃশ্য গ্ৰহণৰ মাজতে যোগাসন কৰোঁ ।

ভাবিজী ঘৰ পৰ হ্যেৰ অভিনেত্ৰী সোম্যা টেণ্ডনে কয় যে যোগৰ দ্বাৰা শৰীৰ শক্তিশালী হোৱাৰ লগতে মানসিক শান্তি পোৱা যায় ৷লগতে সোম্যা টেণ্ডনে কয় যে মোক প্ৰেগনেন্সিৰ সময়ত যোগে যথেষ্ট সহায় কৰিলে । বহু লোকে কয় যে প্ৰেগনেন্সি সময়ত যোগ কৰিব নালাগে কিন্তু যদি নিয়মনুৰে যোগা কৰে তেন্তে যোগা শৰীৰৰ কাৰণে অত্যন্ত জৰুৰী । নাগিন আৰু বিগ বছৰ অভিনেত্ৰী আশকা গোৰাডিয়া ফিটনেছত নিজকে সদায় আগবঢ়াই ৰাখে। আশকা গোৰাডিয়াই কয় যে মই যিমানেই ব্যস্ত থাকো যে কিন্তু যোগা কৰিবলৈ নাপাহৰোঁ ৷ যোগাই মোৰ জীৱনত বহু পৰিৱৰ্তন আনিলে। যোগা কৰাৰ দিনবোৰ মোৰ জীৱনৰ এটি সুখৰ মুহুৰ্ত।

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰৰবাহিকো শক্তিঃ অস্তিত্ব কে এহসাসৰ ধাৰাবাহিকৰ অভিনেত্ৰী ৰুবীনা দিলাইকে যোগাৰ সন্দৰ্ভত কয় যে মোৰ কাৰনে যোগ শৰীৰ,মন আৰু আত্মাৰ মিলন ৷ মই বিগত কেইবা বছৰ ধৰি যোগ কৰি আহিছোঁ ৷যোগ কেৱল ফিটনেছৰ কাৰণেই নহয় মানসিক শান্তিৰ কাৰণে অত্যন্ত জৰুৰী। এইয়া আছিল সৰু পৰ্দাৰ অভিনেত্ৰীসকলৰ যোগাৰ সন্দৰ্ভত কৰা মন্তব্য ৷গতিকে আপুনিও যোগ কৰক আৰু জীৱনটো উপভোগ কৰক ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com