Begin typing your search above and press return to search.

ভাতৃৰ সৈতে কাজিয়া কৰি আৰক্ষীক খবৰ দিছিল সৰু পৰ্দাৰ ৰাণী একতা কাপুৰে

ভাতৃৰ সৈতে কাজিয়া কৰি আৰক্ষীক খবৰ দিছিল সৰু পৰ্দাৰ ৰাণী একতা কাপুৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 12:17 PM GMT

সৰু পৰ্দাৰ ৰাণী তথা বলীউডৰ ছবি পৰিচালক একতা কাপুৰৰ মন্তব্য যে এবাৰ ভাতৃ তুষাৰ কাপুৰৰ লগত হোৱা কন্দলে গৈ থানাৰ মজিয়া গৰকিছিল। এই মন্তব্য প্ৰকাশ কৰে কপিল শৰ্মা অনুষ্ঠানত ৷ এক সাক্ষাৎকাৰত একতা কাপুৰে কয় যে অন্যান্য ভাইটি ভন্টিসকলৰ দৰে আমিও কাজিয়া কৰোঁ ৷ তিৰুপতিলৈ যোৱা এক ভ্ৰমণত প্ৰচুৰ কন্দলত লিপ্ত হয় একতা কাপুৰ আৰু তুষাৰ কাপুৰ ৷

তেতিয়া ভ্ৰাতৃ তুষাৰ কাপুৰে একতাৰ নাকত ঘোঁচা মাৰে আৰু মই আৰক্ষীক খবৰ দিওঁ ৷ লগতে একতা নিজৰ বিদ্যালয়ৰ যোৱাত সময়ক ৰোমন্থন কৰি কয় যে আমি বিদ্যালয়লৈ যাঁওতে যথেষ্ট কাজিয়া কৰোঁ ৷ আমি বিদ্যালয়লৈ যাঁওতে আমাৰ চাৰ্টৰ কলাৰো ফালি দিও ৷আকৌ পুনৰ ঘৰলৈ আহি কাপোৰ পিন্ধিব লাগে ৷ এই মন্তব্য একতা কাপুৰৰ ৷

বলীউডৰ চিৰসেউজ অভিনেতা জীতেন্দ্ৰ আৰু শোভা কাপুৰৰ জীয়ৰী একতা কাপুৰ ১৯ বছৰ বয়সৰ পৰাই সৰু পৰ্দাৰ লগত জৰিত ৷এগৰাকী অবিবাহিত মহিলা হৈ বলীউড তথা সৰু পৰ্দাত নিজক প্ৰতিষ্ঠা কৰাটো সচাঁকৈয়ে আন দহগৰাকী যুৱতীৰ কাৰণে আদৰ্শ স্বৰূপ। এক সাক্ষাৎকাৰ অনুষ্ঠানত একতা কাপুৰে কৈছিল যে তেওঁক পিতৃয়ে বিয়া হোৱা অথবা কামৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ কয়। একতাই কয় যে যেতিয়া মই ১৭ বছৰীয়া আছিলো তেতিয়া মোৰ পিতৃয়ে মোক কৈছিল যে বিয়া পাতা নতুবা পাৰ্টি কৰাৰ পৰিৱৰ্তে কাম কৰা ৷

লগতে মাহেকীয়া খৰচটোৰ বাহিৰে একো নিদিয়ে বুলি কয় একতাৰ পিতৃ জীতেন্দ্ৰই আৰু একতা কাপুৰে এটা এড এজেন্সীত কাম কৰা আৰম্ভ কৰে ।লগতে একতাই কয় যে যেনেধৰণে জীৱনটো অতিবাহিত কৰিছো,তালৈ লক্ষ্য কৰি ভাবিছিলো যে মোৰ জীৱনটো সুখৰ হ’ব ৷ ২২ বছৰ বয়সত মই বিয়া হ’ম আৰু জীৱনতো উপভোগ কৰিম । কিন্তু বাস্তৱত সেয়া ন’হল ৷ ইয়াৰ কাৰণে আক্ষেপ কৰি একতাই কয় যে মই যি ভাবো সেয়া কেতিয়াও নহয়। উল্লেখ্য যে একতা কাপুৰে এতিয়ালৈকে বিয়া হোৱা নাই।

আৰু চলিত বৰ্ষৰ জানুৱাৰীত সাৰোগেছীৰ জৰিয়তে এটি সন্তানৰ মাতৃ হৈছে একতা ৷ ইফালে একতা কাপুৰৰ প্ৰথম জনপ্ৰিয় ধাৰাবাহিক হৈছে “হ’ম পাঁছ”৷ এই ধাৰাবাহিক খন জী টিভি প্ৰচাৰিত হৈছিল ৷ যেতিয়া এই ধাৰাবাহিকখন প্ৰচাৰিত হৈছিল তেতিয়া একতা কাপুৰৰ বয়স আছিল ১৯ বছৰ ৷ ধাৰাবাহিক খন জনপ্ৰিয় হোৱাৰ পিছত একতা কাপুৰে পৰিচালকৰ ৰূপত আত্ম প্ৰকাশ কৰিলে ৷ সেই মুহুৰ্ত্ততে কিছুমান ধাৰাবাহিকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল আৰু আন কিছুমান সফলতা লাভ নকৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: বলীউডত ছাৰোগেছীৰ জৰিয়তে মাতৃত্বৰ সোৱাদ লৈছে চেলিব্ৰটীয়েঃ সদ্যহতে মা হ’ল একতা কাপুৰ

Next Story
চাকৰি