Begin typing your search above and press return to search.

পুলোৱামাত নিৰাপত্তা ৰক্ষীৰ গুলীত নিহত দুজন উগ্ৰপন্থী

পুলোৱামাত নিৰাপত্তা ৰক্ষীৰ গুলীত নিহত দুজন উগ্ৰপন্থী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 10:17 AM GMT

দক্ষিণ কাশ্মীৰৰ পুলোৱামা জিলাত নিৰাপত্তা ৰক্ষীৰ গুলীত নিহত হয় দুজনকৈ উগ্ৰপন্থী । শনিবাৰে বহু সময় ধৰি পুলোৱামাৰ আৱানটিপৰাৰ পাঞ্জগাম গাঁওত উগ্ৰপন্থী আৰু নিৰাপত্তা ৰক্ষীৰ মাজত সংঘৰ্ষ হয় ।

উগ্ৰপন্থী আৰু চিআৰপিএফ , ৫৫ ৰাষ্ট্ৰীয় ৰাইফল আৰু বিশেষ অভিযান দলৰ মাজত পুৱতি নিশা প্ৰায় ২.১০ বজাত সংঘৰ্ষ হয়। এই অঞ্চলৰ পৰা দুজন উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰু কেইবাজনো উগ্ৰপন্থী আত্মগোপণ কৰি থকা সন্দেহ প্ৰকাশ কৰিছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে এজন উগ্ৰপন্থীক চিনাক্ত কৰা হৈছে । হিজবুল মুজাহিদিন গোটৰ চৌকাত আহমেদ বুলি চিনাক্ত কৰিছে উগ্ৰপন্থীজনক।

আনহাতে আন এক অভিযান চলাই দক্ষিণ কাশ্মীৰৰ অনান্তনাগ জিলাৰ দেহৰুনা গাঁওত । এই অঞ্চলত চলোৱা যৌথ অভিযানত এজন উগ্ৰপন্থী নিহত হয় । নিৰাপত্তা ৰক্ষীৰ অভিযানৰ সময়ত উগ্ৰপন্থীয়ে গুলীচালনা কৰে বুলি সূত্ৰয়ে প্ৰকাশ কৰে। অভিযান বৰ্তমানেও অব্যাহত আছে আৰু দুজন অথবা তিনি জন উগ্ৰপন্থীক ধৰিব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

বৃহস্পতি বাৰে পুলোৱামা জিলাত নিৰাপত্তা ৰক্ষীৰে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান আৰু এজন অসামৰিক লোক নিহত হয় । বৃহস্পতিবাৰে নিহত হোৱা সন্ত্ৰাসবাদী কেইজন জেইছ ই-মহম্মদৰ সদস্য বুলি প্ৰকাশ কৰিছে । জেইছ ই-মহম্মদৰ সন্ত্ৰাসবাদী কেইজন নাচিৰ পণ্ডিত, উমৰ মিৰ আৰু পাকিস্তানৰ নাগৰিক খালিদ বুলি চিনাক্ত কৰিছে। অভিযান চলোৱা অঞ্চলটোৰ পৰা বহুতো মাৰানস্ত্ৰ উদ্ধাৰ কৰিছে বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি