উৎকুচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এন আৰ চিৰ দুই কৰ্মচাৰী

উৎকুচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এন আৰ চিৰ দুই কৰ্মচাৰী

এন আৰ চি কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত দুজন বিষয়াক উৎকুচ লোৱা অবস্থাত হাতে লোটে ধৰা পৰে। এন আৰ চি নামত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।

বৃহস্পতি বাৰে দিছপুৰৰ এন আৰ চিৰ সেৱা কেন্দ্ৰত দুৰ্নীতি নিবাৰক শাখায়ে অভিযান চলাই । অভিযান কালত ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চৈয়দ চাহজাহান আৰু সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ ১০ হেজাৰ টকা উৎকুচ লৈছিল কৰ্মচাৰী দুজনে। আজি পুৱা প্ৰায় ১১ বজাত অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখায়ে । অভিযানৰ সময়তে ১০ হাজাৰ টকা উৎকুচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে বিষয়া দুজন।

গুৱাহাটীৰ, দিশপুৰৰ আনন্দ নগৰৰ কাজৰি ঘোষ দত্ত নামৰ মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখায়ে অভিযান চলাইছিল । এন আৰ চিৰ সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশকো উৎকুচ লোৱাত সহায় কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ৰাহুল পৰাশৰ বয়স ২৭ বছৰ । এন আৰ চি সেৱা কেন্দ্ৰ সমূহৰ পৰা আপত্তি জনক নথি পত্ৰ সমূহে জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখায়ে ।

আৰক্ষীৰ চুপাৰটেন্দেতৰ নেতৃত্বত দুৰ্নীতি নিবাৰক শাখায়ে মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিতে আজি ভিযান চলাইছিল । ১৯৮৮ এক্টৰ অধিনত ০৯|২০১৯ u/ s নম্বৰ গোচৰ ৰুজু কৰা হৈছে ।

গ্ৰেপ্তাৰ হোৱা ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চৈয়দ চাহজাহান আৰু সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশক শুকুৰবাৰে বিশেষ কোৰ্টত হাজিৰ কৰোৱা হব । ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ।২২ জুনত প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত খচৰা আৰু ৩১ জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চুৰান্ত খচৰা। এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্যখনত সংঘটিত এনে ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে ।২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত সন্নিৱিষ্ট লোক সকলৰ নাম , এন আৰ চিৰ কতৃপক্ষয়ে পৰীক্ষা কৰাৰ পিছতে ২২ জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত এন আৰ চি খচৰাত প্ৰকাশ কৰিব ।২০০৩ ৰ নীতি অনুসৰি ৪(৩) চেকচন মতে পৰীক্ষা কৰা হৈছে ।

৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ ৰ নাম এন আৰ চিত প্ৰকাশ হৈছিল । ৪০.০৭ লাখ লোক বাদ পৰিছিল । ইয়াৰে ৩৬.২ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন কৰিছিল । প্ৰায় ২ লাখ আপত্তিৰ আবেদন কৰা হৈছিল । এন আৰ চিৰ কৰ্তৃপক্ষয়ে এতিয়া সেই আবেদন সমূহৰ শুনানি গ্ৰহণ কৰি আছে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com