Begin typing your search above and press return to search.

ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি সংকুচিত হৈ পৰিছে

ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি সংকুচিত হৈ পৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 7:19 AM GMT

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়াবহ গৰাখহনীয়াৰ কবলত । ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙাৰ ভূমি সংকুচিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰে গড়ৰ বিচৰন ভূমিৰ এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।

সংৰক্ষণকাৰী আৰু বন্যপ্ৰানীৰ কৰ্মীয়ে প্ৰকাশ কৰে যে, যদি এতিয়া গৰাখহনীয়াৰ সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ কৰা নহয় , তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব ।

লগতে প্ৰকাশ কৰে যে, " অগৰাতলি ৰেঞ্জৰ পূব আৰু উত্তৰাংশলৈ গৰাখহনীয়ায়ে ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে । গঁড়ৰ আবাসস্থলীৰ ৩৫ বৰ্গ কিলোমিটাৰ বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ পানীয়ে খহাই নিয়ে । তাৰ বাবে অগৰাতলি ৰেঞ্জত গড়ৰ সংখ্যা হ্ৰাস পাইছে ।

দিল্লী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ গৱেষণা ছাত্ৰ ছাত্ৰী সকলৰ এক সমীক্ষাত প্ৰকাশ কৰে যে, অন্যান্য বন্যপ্ৰানীৰ সংখ্যা বৃদ্ধি পোৱাত ১৯৯০ চনৰ পৰা গড়ৰ আবাসস্থলী কমি আহিছে।

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ আৰু পবিতৰাৰ প্ৰায় ৮৫ শতাংশ অঞ্চলত বানীৰ তলত আছিল চলিত বৰ্ষত ৷যাৰ কাৰণে সম্প্ৰতি বন্য প্ৰাণীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল |

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ২৪ জুলাইৰ পৰা প্ৰায় ২০৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ইফালে ওডালগুৰি আৰু বাক্সাত গৰাখহনীয়াৰ সমস্যা দেখা গৈছে ।বৰপেটা আৰু বিশ্বনাথৰ বহু স্থানত বান্ধৰ ক্ষতি গ্ৰস্তৰ কাৰণে নলবাৰী,ধুবুৰী,বৰপেটা,চিৰাং,বাক্সাত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বৰপেটাত চাৰিখন বিদ্যালয় জলমগ্ন হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বানত ৰাজ্যৰ প্ৰায় ৪ লাখ হেক্টৰ কৃষি ভূমি এইবাৰ দীঘলীয়া সময়ৰ বাবে পানীৰ তলত থাকিবলগীয়া হোৱাত সকলো খেতি নষ্ট হয় ৷ এতিয়াও ৰাজ্যৰ প্ৰায় ১.৫ লাখ হেক্টৰ কৃষিভূমি বানপানীৰ তলতে আছে ।উল্লেখ্য যে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ কাৰণে সম্প্ৰতি নামনি অসমত বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিৰাপত্তা খাতিৰত মুঠ ১৯৯ টা বন শিবিৰ আছে যদিও বৰ্তমান প্ৰলয়ংকাৰী বাপানীত ১৫৮ টা বন শিবিৰ জলমগ্ন হৈছে ৷ইয়াৰে অগৰাতলি বনাঞ্চলৰ অধীনত ৩৭ টা,কহঁৰাত সৰ্বাধিক ৫০, বাগৰিত ৩৯ টা,বুঢ়াপাহাৰত ১২ টা,বোকাখাত খ বন কাৰ্যালয়ৰ অধীনত ১৭ টা বন শিবিৰৰ তলত পানী সোমাইছে।

অধিক খবৰৰ বাবে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮৫ শতাংশ পানীৰ তলত

Next Story
চাকৰি