Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ সিদ্ধান্তই দেশৰ সকলো জনসাধাৰণক সহায় কৰিবঃবিজেপি অসম প্ৰদেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ সিদ্ধান্তই দেশৰ সকলো জনসাধাৰণক সহায় কৰিবঃবিজেপি অসম প্ৰদেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 7:15 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ সিদ্ধান্তই দেশৰ সকলো জনসাধাৰণক সহায় কৰিব ৷ এই মন্তব্য বিজেপি অসম প্ৰদেশৰ ৷ দেওবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদমাধ্যমৰ লগত হোৱা মতবিনিময়ত বিজেপিৰ প্ৰবক্তা ৰূপম গোস্বামীয়ে কয় যে প্ৰথমটো কাৰ্যকালত প্ৰধানমন্ত্ৰী মোডীয়ে সবকা সাথ সবকা বিকাশৰ নীতিৰ জৰিয়তে সকলোকে বিকাশৰ পথত আগবঢ়াই নিছিল ৷

দ্বিতীয়টো কাৰ্যকালটো প্ৰধানমন্ত্ৰী মোডীয়ে সকলো দেশতকৈ ভাৰতক সমৃদ্ধিশালী দেশ হিছাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব ৷ ৰূপম গোস্বামীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সুৰক্ষাত নিয়োজিত কৰ্মীসকলৰ কাৰণে প্ৰধানমন্ত্ৰীৰ বৃত্তি দিয়াৰ এক আঁচনিৰ জৰিয়তে পদক্ষেপ ল’ব ৷ গোস্বামীয়ে লগতে দেশৰ কৃষকসকলৰ কথাও উল্লেখ কৰে ৷

কৃষকসকলৰ কথা উত্থাপন কৰি ৰূপম গোস্বামীয়ে কয় যে মোডী চৰকাৰে সকলো কৃষকক প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ জৰিয়তে সহায় কৰিবলৈ সিদ্ধান্ত লৈছে। লগতে কৃষকসকলৰ বেংকৰ একাউন্টত ৬০০০ হাজাৰ টকা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিছে ৷ ২০১৯-২০ চনত প্ৰায় ৮৭,২১৭.০০ কোটি টকাৰ ব্যয়েৰে ২কোটি কৃষকক সহায় কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ দ্বাৰা প্ৰায় ১৪.৫ কোটি কৃষক এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ’ব ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰীপৰিষদে কৃষকসকলক পেঞ্চন দিয়াৰ প্ৰস্তাৱক মঞ্জুৰী দিয়ে ৷ কেন্দ্ৰই তিনি বছৰৰ ভিতৰত প্ৰায় ১০,৭৭৪.৫ কোটি টকা ব্যয় কৰিব ৷ এই মন্তব্য ৰূপম গোস্বামীৰ ৷ মোডী মন্ত্ৰীসভাই আন এখন নতুন আঁচনিক মঞ্জুৰী দিয়ে ৷ এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায়ী,দোকানীসকক সহায় কৰিব ৷ অন্যহাতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে অনাগত পাঁচ বছৰত দেশৰ পশুধনৰ মাজত বিয়পি পৰা বিভিন্ন ৰোগসমূহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে ১৩,৩৪৩ কোটি টকাৰ এক আঁচনিৰ অনুমোদন দিয়ে। উল্লেখ্য যে ৰূপম গোস্বামীৰ বৈঠকখনত দেৱান ধ্ৰুৱজ্যোতি মৰাণৰ লগতে অন্যান্য লোকসকলো উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি