Begin typing your search above and press return to search.

ঈদৰ উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে মুছলিম যুৱতী সকলৰ বাবে বিশেষ উপহাৰ ঘোষণা

ঈদৰ উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে মুছলিম যুৱতী সকলৰ বাবে বিশেষ উপহাৰ ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 8:10 AM GMT

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে ঈদৰ উপলক্ষ্যে মুছলিম যুৱতী সকলৰ বাবে বিশেষ উপহাৰ কথা প্ৰকাশ কৰে । ঈদৰ উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী নাভকিৰ ঘৰত ৰাজনাথ সিঙ , নিৰ্মলা সীতাৰমন আৰু ৰবিশংকৰ প্ৰসাদ উপস্থিত আছিল ।

ঈদৰ উপলক্ষ্যে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে ঘোষণা কৰে যে সংখ্যালঘু সকলৰ মুছলিম যুৱতী সকলৰ বাবে ৫ বছৰত ৫ কোটি টকা ঘোষণা কৰিছে । লগতে তেওঁ কয় যে সংখ্যালঘু সকলৰ মুছলিম যুৱতী সকলৰ বাবে ঈদৰ এক বৃহৎ উপহাৰ প্ৰদান কৰা হৈছে । ৫ বছৰত ৫ কোটিৰ স্কলাৰশ্বিপ প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে ।

লগতে তেওঁ কয় যে "ভাৰতখন এখন ফুলৰ বাগিছা। যত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে বসবাস কৰে। লগতে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

লগতে তেওঁ প্ৰকাশ কৰে যে চৰকাৰে ভোটৰ খাতিৰত এই ঘোষণা কৰা নাই । বিজেপি চৰকাৰে সকলোৰে উন্নয়নত বিশ্বাস কৰে । যিসকলে ভোট দিয়া নাই তেওঁলোকৰো উন্নয়ন বিচাৰে চৰকাৰখনে।

এই আচনিৰ যোগেদি মুছলিম সম্প্ৰদায়ৰ যুৱতী সকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি প্ৰকাশ কৰে । কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও সমগ্ৰ দেশবাসীক ঈদৰ শুভেচ্ছা জনাই|

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি