Begin typing your search above and press return to search.

ইউনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকন'লজি, মেঘালয়ৰ পৰিবেশ দিৱস উপলক্ষ্যে পদক্ষেপ গ্ৰহণ

ইউনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকনলজি, মেঘালয়ৰ পৰিবেশ দিৱস উপলক্ষ্যে পদক্ষেপ গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 10:20 AM GMT

পৰিবেশ দিৱসৰ উপলক্ষ্যে মেঘালয় ইউনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকন'লজিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয়ৰ খনৰ

চৌহদ সেউজীয়া কৰি ৰাখিবলৈ কতৃপক্ষয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

খানাপাৰা ন মাইলৰ ইউনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকন'লজিৰ চৌহদত প্ৰায় ৫০০ গছ পুলি ৰোপণ কৰে। মেঘালয় চৰকাৰৰ সহায়ত বিশ্ববিদ্যালয় খনে পৰিবেশ দিৱসত ১.৫ মিলিয়ন গছ পুলি ৰোপণ কৰি গীনিছ বিশ্ব ৰেকৰ্ডত নাম অন্তৰ্ভুক্তৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

গছ পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহন কৰি ইউ এচ টি এমৰ চেঞ্চেলৰ মহবুবুল হক আৰু ই আৰ ডি ফাউণ্ডেশ্যনৰ অধক্ষ্যয়ে কয় যে ভৱিষ্যতে ইউ এচ টি এমে এখন হাৰবেল মেডিচিনেল গাৰডেন নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । এই গাৰডেন খনৰ পৰা বহুতে ঔষধি গছ পুলি লাভ কৰিব বুলি প্ৰেছ বিবৃতিত প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি