প্ৰলয়ংকাৰী বান: উজান বজাৰৰ মাছৰ বজাৰ পানীৰ তলত

প্ৰলয়ংকাৰী বান: উজান বজাৰৰ মাছৰ বজাৰ পানীৰ তলত

ব্ৰক্ষপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে বৈ যোৱাৰ ফলত চিন্তিত হৈ পৰিছে গুৱাহাটীবাসী। উজান বজাৰৰ মাছৰ বজাৰ বৰ্তমান পানীৰ তলত । মাছৰ বজাৰ খন জলমগ্ন হৈ পৰাৰ ফলত ব্যবসায়ি সকলে পথ পথত দোকান দিব লগা হৈছে ।

২০০৪ চনৰ পিছত এনে ভয়াবহ বানপানী এই বছৰ হোৱা পৰিলক্ষিত হৈছে । এনে প্ৰলয়ংকাৰী বান ১৯৮৭ চনত হৈছিল । যদি এনেদৰে বৰষুণ হৈ থাকে তেনে পুনৰ গুৱাহাটী বাসীয়ে ১৯৮৭ আৰু ২০০৪ চনৰ বান পুনৰ প্ৰতক্ষ্য কৰিব ।

ব্ৰক্ষপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ব্যৱসায়ী সকল। কেন্দ্ৰীয় জল আয়োগৰ বিষয়া চাদেকুল হকে প্ৰকাশ কৰে যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৫০:৩০ মিটাৰৰ পৰা ৫০:৮৫ লৈকে বৃদ্ধি পাইছে । লগতে তেওঁ প্ৰকাশ কৰে যে, জলপৃষ্ঠৰ বিপদসীমা হৈছে ৪৯:৬৮ মিটাৰ আৰু জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি হৈছে । " মংগলবাৰে বতৰ কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে ।

ৰাজ্যত বানে সম্প্ৰতি ১৫ জন লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ ইয়াৰে বানে ১৩ জনৰ প্ৰাণ কাঢ়ি নিয়াৰ বিপৰীতে দুজন লোকৰ ভূমিস্খলনত মৃত্যু হয় ৷ আৰু প্ৰায় ৪২.৮৬ লাখ লোক বানত প্ৰভাৱিত হৈছে ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এক সংবাদ বিজ্ঞপ্তিত প্ৰকাশ পায় যে ৩০ খন জিলাৰ ১১৩ টা ৰাজহ চক্ৰৰ ৪১৫৭ খন গাঁৱৰ ৪২,৮৬,৪২১ জন লোক সোমবাৰলৈকে বানত প্ৰভাৱিত হৈছে ৷ চৰকাৰে এনডিআৰএফ আৰু এচডিআৰএফ বিভাগৰ লোকসকলক বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে।বানত প্ৰভাৱিত হৈছে ১০ লাখতকৈ অধিক জীৱ জন্তু ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com