Begin typing your search above and press return to search.

"বিজয় মালিয়া চ'ৰ হে": বিজয় মালিয়াক দেখি চোৰ বুলি চিঞৰি উঠিল

বিজয় মালিয়া চৰ হে: বিজয় মালিয়াক দেখি চোৰ বুলি চিঞৰি উঠিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 11:02 AM GMT

ক্ৰিকেট অনুৰাগী সকলৰ দৰেই বিজয় মালিয়ায়ে দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়া খেল উপভোগ কৰিবলৈ গৈছিল লণ্ডনৰ অভেল ক্ৰিকেট ষ্টেডিয়ামত। আন ভাৰতীয় সকলে বিজয় মালিয়াক অপদস্থ কৰে ।

ষ্টেডিয়ামৰ পৰা ভিৰৰ মাজেৰে ওলাই আহিছিল বিজয় মালিয়া । এই ভিৰৰ মাজেৰে বিজয় মালিয়া চোৰ হয় বুলি প্ৰকাশ চিঞৰি উঠে একাংশয়ে । মাতৃৰ সৈতে বাহিৰলৈ ওলোৱাৰ সময়তে "চোৰ চোৰ বুলি শ্লোগান দিবলৈ আৰম্ভ কৰে । কিছুমানে অশ্লীল গালি-গালাজো কৰিছিল বিজয় মালিয়াক । কিন্তু বিজয় মালিয়ায়ে কোনো প্ৰত্যুত্তৰ নিদি হাঁহি মুখে ওলাই গৈছিল বাহিৰলৈ ।

সুৰা সম্ৰাট বিজয় মালিয়ায়ে ভাৰতৰ বেংকৰ পৰা ধন্যবাদ হৰলুকী কৰি ভাৰতৰ পৰা পলাই গৈছিল । বিজয় মালিয়ায়ে প্ৰায় ৯,০০০ কোটি টকাৰ লোন পৰিশোধ কৰিবলৈ আছে । বিজয় মালিয়াৰ বৰ্তমান প্ৰত্যাবৰ্তনৰ গোচৰ চলি আছে । কিং ফিছাৰ এয়াৰ লাইনৰ মালিক আছিল বিজয় মালিয়া ।

অভেল ক্ৰিকেট ষ্টেডিয়ামত সুৰাৰ সম্ৰাট গৰাকীক প্ৰতক্ষ্য কৰি উপস্থিত ভাৰতীয় সকলে বিজয় মালিয়া চোৰ বুলি চিঞৰি উঠে ।

বিজয় মালিয়ায়ে কোনো প্ৰত্যুত্তৰ নিদি হাঁহি মুখে ওলাই আহে। তেওঁ কয় যে তেওঁৰ মাতৃয়ে যাতে দুখ নাপাই । লগতে তেওঁ কয় যে আপোনাৰ বৃদ্ধ মাতৃ সৈতে থাকোতে এনেদৰে অপদস্থ কৰিলে কি কৰিব ।

ভিডিঅটোত বিজয় মালিয়াৰ চাৰিওফালে যথেষ্ট মানুহ পৰিলক্ষিত হৈছিল আৰু কিছুমানে বিজয় মালিয়াক কৈছিল, পুৰুষ হোৱা আৰু দেশৰ ওচৰত ক্ষমা খুজা । এই মন্তব্যত বিজয় মালিয়ায়ে সমৰ্থন কৰি কৰিম বুলিও প্ৰকাশ কৰে ।

বিজয় মালিয়াৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়াও লগত উপস্থিত আছিল । ভাৰত আৰু অষ্ট্ৰেলিয়াত মাজত হোৱা খেলখনত উপস্থিত থাকি পিতৃ বিজয় মালিয়াৰ সৈতে তুলা ফটো খন সিদ্ধাৰ্থ মালিয়ায়ে ইনচটাগ্ৰামত প্ৰকাশ কৰিছিল ।দেওবাৰে লণ্ডনৰ অভেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলখন । বিশ্বাবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ চকু নিবদ্ধ হৈ আছিল এই ৰোমাঞ্চকৰ খেল খনৰ ওপৰত ।

খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। ৩৬ ৰানত জয়লাভ কৰিলে কোহলী বাহিনীয়ে। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে। নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫২ ৰান। প্ৰত্যুত্তৰত ৩১৬ ৰানহে সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই। আটাইকেইটা উইকেট হেৰুৱাই ৩১৬ ৰান সংগ্ৰহ।ভাৰতৰ অপেনাৰ শিখৰ ধৱনৰ শতক অৰ্জন। ১০৯ বলত ১১৭ ৰান সংগ্ৰহ কৰে শিখৰ ধৱনে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি