এখন বিশেষ গাঁও: পৰিদৰ্শণ কৰিবলৈ গ’লেই পৰিশোধ কৰিব লাগে কৰ

এখন বিশেষ গাঁও: পৰিদৰ্শণ কৰিবলৈ গ’লেই পৰিশোধ কৰিব লাগে কৰ

এখন বিশেষ গাঁও ৷ গাঁৱখনত ফটো ক্লিক কৰিলে বা ভিডিঅ’ গ্ৰহণ কৰিলে দিব লাগে কৰ ।কাৰণ এজন ব্যক্তি সেই গাঁৱখনত ফটো উঠাৰ কাৰণে ৫০০ টকাৰ কৰ দিব লগা হৈছিল ৷ইয়াৰ পিছত কৰ দিয়া ৰচিদ খনৰ ফটো ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল ৷ ইফালে গাঁৱখনৰ গাঁও পঞ্চায়তে গাঁৱখনত ভিডিঅ’ অথবা ফ’টো ক্লিক কৰিলে যে কৰ দিব লাগিব, সেই সন্দৰ্ভত গাঁৱখনৰ ঠায়ে ঠায়ে বৰ্ড লগাই দিছে ।

উল্লেখ্য যে এই গাঁৱখন বিশেষ ভাৱে কেইবাটাও দিশৰ পৰা উল্লেখযোগ্য ৷ কাৰণ এই গাঁৱখন গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ গাঁও। গাঁৱখনৰ নাম পানাজি। এই গাঁৱখনৰ পথত বলীউডৰ অভিনেতা শ্বাহৰুখ খান আৰু আলিয়া ভাট্টৰ জনপ্ৰিয় ছবি "ডিয়েৰ জিন্দেগী"ৰ দৃশ্য গ্ৰহণ কৰা হৈছিল ৷ গাঁৱখনৰ চৌপাশ অত্যন্ত সুন্দৰ ৷পথৰ দুয়ো কাষে নাৰিকল গছৰ উপৰিও বিভিন্ন গছ গছনিৰে পৰিপূৰ্ণ। সেউজীয়া গছ গছনিৰে পৰিপূৰ্ণ কাৰণেই গাঁৱখনৰ ফ’টো বহুত ধুনীয়া হয়।

সেয়েহে গাঁৱখন পৰিদৰ্শন কৰিবলৈ, লগতে ফ’টো বা ভিডিঅ’ ল’বলৈ বিভিন্ন পৰ্যটকৰ ভিৰ দেখা যায় । আনহাতে পৰ্যটকৰ আগমণত অতিষ্ঠ হৈ গাঁৱৰ বাসিন্দা সকলে ঠায়ে ঠায়ে স্বচ্ছতা কৰ শীৰ্ষক বৰ্ড লগাই দিয়ে ৷ ইয়াৰ পিছত এই গাঁৱখনত ফ’টো আৰু ভিডিঅ’ৰ কাৰণে ১০০ টকাৰ পৰা ৫০০ টকালৈকে কৰ সংগ্ৰহ কৰে।উল্লেখ্য যে গাঁৱখনত কৰ সংগ্ৰহ বিষয়টো এজন পৰ্যটকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ৷ইয়াৰ পিছত গোৱাৰ প্ৰশাসনে ঘটনাটো তদন্ত কৰি গাঁও পঞ্চায়তক কৰ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com