Begin typing your search above and press return to search.

ট’কিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথম মল্লযুঁজাৰু বিনেশ ফ’গত

ট’কিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথম মল্লযুঁজাৰু বিনেশ ফ’গত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2019 9:26 AM GMT

ট’কিঅ’ অলিম্পিকত স্থান লাভ কৰা প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হৈছে ভাৰতীয় মল্লযুজাঁৰু ৱিনেশ ফ’গেটে। বিশ্ব চেম্পিয়নশ্বিপত ৱিনেশ ফ’গটে সাৰা এন হিল্ডেব্ৰাণ্ডক পৰাজিত কৰিছে। ইফালে সাৰা এন হিল্ডব্ৰাণ্ডে প্ৰায় ৫ বাৰ ৱিনেশক সোঁ ভৰিৰে ধৰিবলৈ লয়। কিন্তু সখল নহ’ল সাৰা ৷ আৰু ৱিনেশক ৮-২ জয়ী হয় ৷ ইফালে কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ জৰিয়তে এটি উজ্জ্বল কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু বিশ্ব চেম্পিয়ন শ্বিপত বিনেশৰ তিনিটা প্ৰয়াসত কোনো পেডিয়াম অহা নাছিল। আনহাতে নিজৰ কেৰিয়াৰৰ বিষয়ে কয় যে অনাগত দিনৰ কাৰণে মই সাজু হৈছো৷

ইফালে সাম্প্ৰতিক সময়ত ক্ৰীড়া জগতখনক বহু প্ৰতিভাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শেহতীয়াকৈ ক্ৰীড়া মন্ত্ৰ্যালয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে উত্তৰ পূবৰ মেৰী কমৰ নাম পদ্মবিভূষণৰ কাৰণে প্ৰস্তাৱ ৰখা হৈছে ৷ দেশৰ দ্বিতীয়গৰাকী সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ কাৰণে প্ৰথমবাৰলৈ এগৰাকী মহিলা খেলুৱৈ হিছাপে ছবাৰৰ কাৰণে বিশ্ব চেম্পিয়ন মেৰী কমৰ নাম প্ৰেৰণ কৰা হৈছে ৷

ইফালে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৯ গৰাকী এথলীটৰ নাম প্ৰেৰণ কৰিছে ৷ আৰু উল্লেখযোগ্য যে ক্ৰীড়া মন্ত্ৰ্যালয়ৰ আটাই কেইগৰাকী এথলীট হৈছে মহিলা ৷ ক্ৰীড়া মন্ত্ৰ্যালয়ে পদ্মবিভূষণৰ কাৰণে প্ৰেৰণ কৰা মেৰী কম ছবাৰকৈ বিশ্ব চেম্পিয়ন হৈছিল। মণিপুৰী বক্সাৰগৰাকীয়ে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল ।

উল্লেখ্য যে বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপৰ ৪২ বছৰৰ ইতিহাসত প্ৰথমবাৰলৈ ভাৰতীয় শ্বাটলাৰ হিচাপে বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ’ল পি ভি সিন্ধুৱে ৷ বি ডব্লিউ এফৰ দেওবাৰৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পি ভি সিন্ধুৱে পুৰাতন প্ৰতিদ্বন্দ্বী জাপানী তাৰকা নুজুমী অকুহাৰাক হৰুৱাই স্বৰ্ণ জয় কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক:পিঠিৰ বিষৰ কাৰণে ৱৰ্ল্ড এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ ত অংশ নলয় অসম গৌৰৱ হিমা দাসে

ভিডিঅ প্ৰতক্ষ্য কৰক:Broad daylight burglary incident in Jagi Road | The Sentinel News | Assam News

Next Story
চাকৰি