গুৱাহাটীত নীতি নিয়ম উলংঘন ই ৰিক্সাৰ

গুৱাহাটীত নীতি নিয়ম উলংঘন ই ৰিক্সাৰ

গুৱাহাটীত প্ৰায় ১২,০০০ ইৰিক্সাৰ ভিতৰত ১২০০ ই ৰিক্সাৰহে কামৰূপ মেট্ৰ’ৰ ডিটিঅ’ত পঞ্জীকৰণ আছে। নিয়ম অনুসৰি সকলো ই ৰিক্সাৰ এটা স্থায়ী পঞ্জীকৰণ হ’ব লাগে ৷ কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটীত অধিকাংশ ই ৰিক্সা চালকে নিয়মসমূহ উলংঘন কৰে। ৰাজ্যত ২০১৬ চনৰ ৪ মাৰ্চত দিয়া এটি অধিসূচনা আনুযায়ী মটৰ পৰিবহন অধিনিয়ম ধাৰা ২০০,২১১ আৰু ২১২ ৰ লগত ধাৰা ৯৫,৯৬,১১১ আৰু ১৩৮ ৰ সহিতে ৰাজ্যপালে ৰাজ্যৰ বেটাৰী চালিত ই ৰিক্সাসমূহৰ কাৰণে নিয়ম তৈয়াৰ কৰিছিল ৷

এই অধিনিয়ম ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হৈছিল। গতিকে ই ৰিক্সাসমূহৰ পঞ্জীকৰণ অতি আৱশ্যক ৷ ই ৰিক্সাসমূহত পঞ্জীকৰণ চিহ্ন, কোড সংখ্যা আদি থাকিব লাগে ৷লগতে ক’ডটো ৪ টাতকৈ অধিক হ’ব নালাগে ৷ৰিক্সাত স্থাপিত হোৱা বেটাৰী চাৰ্জ কৰিবলৈ সুবিধাও এএচইবি দ্বাৰা প্ৰমানিত হ’ব লাগে।

ইফালে ই ৰিক্সাসমূহ গুৱাহাটীত সেইসমূহ স্থানত চলি আছে যে য’ত ই ৰিক্সাসমূহ চলাচলত কোনো অনুমতি প্ৰদান কৰা নাই ৷ই ৰিক্সাসমূহ ৰাজগড় পথত দেখা যায় য’ত মেজিক আৰু ট্ৰেকাৰো চলাচল কৰে ৷ ইয়াৰোপৰি ভঙাগড়ৰ পৰা জি এম চি পথ,বৈশিষ্ঠ্য মন্দিৰৰ ওপৰিও বিভিন্ন গলীত আৰু কেতিয়াবা ছয় মাইলৰ পৰা বাৰবাৰী,বাৰবাৰীৰ পৰা গণেশগুৰিলৈকে ই ৰিক্সা চলাচল কৰে ৷

গুৱাহাটী চিটী বাছৰ কাৰণে এক বিশেষ পদক্ষেপ জিলা পৰিবহন বিষয়াৰ। সোমবাৰে আৰটিঅ’ অৰ্থা ৰিজিঅ’নেল টান্সপ’ৰ্ট অফিচ ,জিলা পৰিবহন বিষয়া বাপন কলিতাই চিটী বাছৰ এছোচিয়েশ্যনৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকখনত যান বাহন শাখাৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত বাপন কলিতাই কয় যে আমি গুৱাহাটীত যাত্ৰীসকলক চিটীবাছৰ অনুশাসনহীনতাৰ কাৰণে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছো ৷ ৷ গুৱাহাটীত প্ৰায় ৬৬৯ খন চিটী বাচ আছে ৷ ইয়াৰ বিপৰীতে ৫৫০ টা পথ আছে ৷ ইয়াত ২০০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আছে ৷ ইফালে মহানগৰীত উবেৰ,ওলা সেৱাত আছে ১০,০০০ খন বাহন,গুৱাহাটীত থকা অট’ৰিক্সাৰ সংখ্যা প্ৰায় ৫০০০ আৰু ১৬৫০ খন আছে মেট্ৰ’ টেক্সি ।

গতিকে গুৱাহাটীত থকা সকলো যান বাহনৰ সংখ্যা হৈছে ১.০৫ লাখ ৷বাপন কলিতাই লগতে কয় যে বিগত তিনিটা বৰ্ষত প্ৰায় যান বাহনৰ ৮০০০ খন লাইচেন্স বাতিল কৰা হৈছে। গতিকে সম্প্ৰতি চিটী সমূহৰ ক্ষেত্ৰ সময় সূচী নিৰ্ধাৰণ কৰি দিব ৷ বাছসমূহৰ আগমন আৰু প্ৰস্থানত দৃষ্টি ৰাখিব কৰ্তৃপক্ষই ৷ প্ৰত্যেক জন যাত্ৰীৰ কাৰণে এটা বাছ আস্থানত এখন চিটী বাচ দুই মিনিট সময় ৰ’ব পাৰিব ৷

লগতে অবৈধ বাছ আস্থানসমূহ ধ্বংস কৰা হ’ব বুলিও কয় কলিতাই। লগতে চিটী বাছসমূহৰ কাৰণে ধাৰ্য কৰা নীতি নিয়ম সমূহ যদি বাছসমূহে অমান্য কৰে তেন্তে তদন্ত কৰিব বিভাগীয় কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com