Begin typing your search above and press return to search.

আপোনালৈ এটা বিশেষ প্ৰত্যাহ্বান:এখন ফটোত নাহৰফুটুকী বিছাৰি উলিয়াব লাগিব আপুনি?

আপোনালৈ এটা বিশেষ প্ৰত্যাহ্বান:এখন ফটোত নাহৰফুটুকী বিছাৰি উলিয়াব লাগিব আপুনি?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2019 11:04 AM GMT

আপোনালৈ এটা বিশেষ প্ৰত্যাহ্বান৷ ইন্টাৰনেটত ভাইৰেল ভিডিঅ’ই আমাক প্ৰায়ে সততে সছকিত কৰি তোলে ৷এইবাৰ ভাইৰেল হৈছে এক বিশেষ ফটোত ৷ এটা বাঘে চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।বেলা নামৰ এজন যুৱক টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি এটা নাহৰফুটুকী বাঘক বিছাৰি উলিয়াবলৈ সকলোকে প্ৰত্যাহ্বান জনাইছে ৷

https://twitter.com/BellaLack/status/1177510650429374470

কাৰণ ইয়াৰ পূৰ্বে বেলাক টুইটাৰত সেই ফটোখন শ্বেয়াৰ কৰি কোনোবাই নাহৰফুটুকী বাঘটোক বিছাৰি উলিয়াবলৈ কয়। বেলাই প্ৰকাশ কৰা অনুসৰি কোনোবাই মোক এই ফ’টো টেগ কৰি নাহৰফুটুকী বাঘটোক বিছাৰি উলিয়াবলৈ কয় ৷ মই এইটো হাস্যকৰ ঘটনা বুলি এৰি দিলো ৷

কিন্তু পিছত মই নাহৰফুটুকী বাঘটোক বিছাৰি পালো ৷লগতে বেলাই প্ৰশ্নও কৰে যে,আপুনি বাঘটোক আপুনি বিছাৰি পাইছেনে? ইফালে প্ৰথমতে ফ’টোখনত কোনোৱে নাহৰফুটুকী বাঘ বিছাৰি পোৱা নাছিল যদিও ওচৰৰ পৰা ভালকৈ নিৰীক্ষণ কৰিলে বাঘটোক দেখিবলৈ পোৱা যায় ৷ লগতে নাহৰফুটুকী বাঘটোৰ দেহৰ লগতে ভৰিও দেখিবলৈ পোৱা যায় ৷

অধিক খবৰৰ বাবে পঢ়ক: জনতা ভৱনত নিৰ্বাচনী আয়োগৰ সংবাদমেল: আগন্তুক লোকসভা নিৰ্বাচনত থাকিৱ কেতবোৰ নতুন নিয়মাৱলী

ভিডিঅ প্ৰতক্ষ্য কৰক:NDFB(S) Militants nabbed in Kokrajhar, Assam

Next Story
চাকৰি