স্বামী বিৰাট কোহলীৰ জন্ম দিন উদযাপন কৰিবলৈ ভূটানত অনুষ্কা শৰ্মা

স্বামী বিৰাট কোহলীৰ জন্ম দিন উদযাপন কৰিবলৈ ভূটানত অনুষ্কা শৰ্মা

বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মা সম্প্ৰতি ব্যস্ত আছে স্বামী বিৰাট কোহলীৰ লগত, ভূটানত নিজৰ আজৰি সময় অতিবাহিত কৰাত ৷ কাৰণ ভূটানত আজৰি সময়ৰ বহু আলোকচিত্ৰ সম্প্ৰতি অনুৰাগীৰ সকলৰ মাজত বিয়পি পৰিছে। আনহাতে বিৰাট আৰু অনুস্কাৰ দুয়োৰে বিভিন্ন আলোক চিত্ৰৰ উপৰিও বিৰাট কোহলীৰ জন্ম দিনে সম্প্ৰতি চৰ্চা লাভ কৰিছে ।

প্ৰকৃততে বিৰাট কোহলীৰ বাৰ্থ ডে পাঁচ নবেম্বৰত। গতিকে সকলোৱে সন্দেহ কৰিছে যে অনুস্কা শৰ্মাই ভূটানতে স্বামী বিৰাট কোহলীৰ বাৰ্থ ডে আয়োজন কৰিব। ইফালে অনুস্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফ’টো শ্বেয়াৰ কৰিছে। ভূটানৰ এখন শাক পাছলিৰ বজাৰৰ ছবি ছ’চিয়েল মিডিয়াত আপলোড কৰি অনুস্কাই লিখে যে শাক পাচলিৰ বজাৰখনে সৰু কালৰ বহু কথা মনত পেলাই দিলে ৷

আনহাতে বিৰাট আৰু অনুস্কাৰ বিভিন্ন আলোকচিত্ৰই সচৰাচতে চৰ্চা লাভ কৰি থাকে। কাৰণ দুয়োজনৰ ভ্ৰমণলৈ যোৱা বিভিন্ন আলোকচিত্ৰ আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰি থাকে । উল্লেখ্য যে অনুষ্কা শৰ্মাক শেহতীয়াকৈ জিৰো ছবিত দেখা গৈছিল যদিও ইয়াৰ পিছত আৰু কোনো ছবিত দেখা পোৱা নাই। জিৰো ছবিত অনুষ্কা শৰ্মাৰ উপৰিও শ্বাহৰুখ খান আৰু কেটৰীনা কাইফেও অভিনয় কৰিছিল। কিন্তু অনুস্কাই সম্প্ৰতি ছবি প্ৰযোজনাতহে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷

উল্লেখ্য যে বলীউডত নিজৰ সাৱলীল অভিনয়েৰে,নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাই শেহতীয়াকৈ পিপুল্স ফৰ এথিকেল ট্ৰিটমেন্ট অফ এনিমেলছ(PETA)ৰ ৱেবচাইটৰ ভোটৰ অনুসৰি India’s Hottest Vegetarians ৰ খিতাপ লাভ কৰে৷অৱশ্যে ২০১৫ চনত অনুষ্কাই এই খিতাপ লাভ কৰিছিল ৷

উল্লেখ্য যে,দুবাৰকৈ এই খিতাপ লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা ৷২০১৭ চনত পেটা ইণ্ডিয়াৰ পাৰ্চন অৱ দ্য ইয়েৰ খ্যাত অনুষ্কা শৰ্মাই পেটা ইণ্ডিয়াৰ কাৰণে এক বিজ্ঞাপনত অংশ লয় ৷ আৰু ঘোষণা কৰে যে “I Am Anushka Sharma,I’m a Vegetarian”৷ইফালে অনুষ্কা শৰ্মাই জীৱ জন্তুসমূহৰ কাৰণে সততে বিভিন্ন পদক্ষেপ লৈ থকা কথাই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে জীৱ জন্তু সুৰক্ষিত কৰিবৰ কাৰণে মুম্বাইৰ এক অঞ্চলত পশুৰ আশ্ৰয় গৃহ মুকলি কৰাৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে অনুষ্কাই।

ভিডিঅ প্ৰতক্ষ্য কৰক:Nagaon villagers lured by two in the name of Pradhan Mantri Kushal Vikas Yojana

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com