Begin typing your search above and press return to search.

সৰু ল'ৰা ছোৱালীৰ লগত বিৰাট কোহলিয়ে খেলিছে ক্ৰিকেট, ভাইৰেল হ'ল ভিডিঅ'

সৰু লৰা ছোৱালীৰ লগত বিৰাট কোহলিয়ে খেলিছে ক্ৰিকেট, ভাইৰেল হল ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2019 10:48 AM GMT

সৰু ল'ৰা ছোৱালীৰ লগত বিৰাট কোহলিয়ে খেলিছে ক্ৰিকেট, ভাইৰেল হ'ল ভিডিঅ'।বিৰাট কোহলি‌ খেল জগতৰ এটি জনপ্ৰিয় নাম । ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কোহলি‌ বৰ্তমান ভাৰতীয় টেষ্ট দলৰ অধিনায়ক।

ভাৰত আৰু বাংলাদেশৰ প্ৰথম খন টেষ্ট খেলা হৈছে ইন্দোৰত ।খেলৰ আগতে বিৰাট কোহলিয়ে এটি বিজ্ঞাপনৰ বাবে শ্ব'ত কৰে । তেওঁক পথৰ কাষত থকা কেইটামান লৰা ছোৱালীৰ সৈতে ক্ৰিকেট খেলা দেখা গৈছে । সেই পথৰ দাঁতিত থকা ল'ৰা ছোৱালীৰ সৈতে ক্ৰিকেট খেলা ভিডিঅ'ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে। এজন লৰাই বল দিয়া পিছত বিৰাট কোহলি‌ আউট হয় কিন্তু আউত হোৱা বুলি বিৰাট কোহলি‌ মান্তি নহয় । বিৰাট কোহলিয়ে বেক এৰিবৰ বাবে মান্তি হোৱা নাছিল । তাৰ পিছতেই দেখা যায় যে লৰা কেইজনে বিৰাট কোহলিৰ পৰা টানি আজুৰি বেট সংগ্ৰহ কৰে । ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে।

https://twitter.com/siddhu_tweets/status/1194890091677700096

দৰাচলতে বিৰাট কোহলি‌ ইন্দোৰত এটা বিজ্ঞাপনৰ বাবে গৈছিল। ইন্দোৰৰ লৰা ছোৱালী সকলৰ লগত খেল খেলা ভিডিঅ'কোনোবাই সংগ্ৰহ কৰে আৰু তাৰ পিছতেই ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে ভিডিঅ'টো ।

ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত হ'ব লগীয়া খেলত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিয়ে ভাৰতৰ হৈ নেতৃত্ব প্ৰদান কৰিব । তদুপৰি কিছুদিন পূৰ্বে বিৰাট কোহলিৰ জন্মদিন উপলক্ষ্যে তেওঁ তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ সৈতে ভুটান ভ্ৰমন কৰিছিল ।

এদিনীয়া ক্ৰিকেটত ক'হলিৰ নামত বহুখিনি অভিলেখ আছে। ইয়াৰ ভিতৰত ভাৰতীয় বেট্‌ছমেনৰ দ্ৰুততম শতৰাণ আৰু যিকোনো দেশৰ হৈ আটাইতকৈ কম খেলত ১৭টা শতৰাণ উল্লেখযোগ্য। সৌৰভ গাংগুলী (১৯৯৭-২০০০), শচীন টেণ্ডুলকাৰ (১৯৯৬-৯৮) আৰু মহেন্দ্ৰ সিং ধোনিৰ (২০০৭-০৯) পাছতে তেওঁ এদিনীয়া ক্ৰিকেটত ক্ৰমাগত তিনি বা ততোধিক বৰ্ষত ১০০০ বা ততোধিক ৰাণ কৰা চতুৰ্থ বেট্‌ছমেন।

অন্য খবৰৰ বাবে পঢ়ক: ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে ছানিয়া মিৰ্জাক কলে ” হায় হায় মিৰ্চি” : দিলে প্ৰত্যুত্তৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Wild Jumbo injured two Women in Digboi

Next Story
চাকৰি