Begin typing your search above and press return to search.

খোৱা পানীৰে গাড়ী ধোৱাৰ ফলত সমস্যাৰ সন্মুখীন বিৰাট কোহলি

খোৱা পানীৰে গাড়ী ধোৱাৰ ফলত  সমস্যাৰ সন্মুখীন বিৰাট কোহলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 12:15 PM GMT

ভাৰতীয় ক্ৰিকেট টিমৰ অধিনায়ক বিৰাট কোহলিয়ে খোৱা পানীৰে গাড়ী ধোৱাৰ ফলত গুৰগাঁওৰ পৌৰ নিগমৰ ৰোষত পৰিছে । পৌৰ নিগমে যোগান ধৰা খোৱা পানীৰে গাড়ী ধোৱায ফলতে সমস্যাৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট টিমৰ অধিনায়ক গৰাকী।

উল্লেখযোগ্য যে যি সময়ত দেশৰ হাজাৰ হাজাৰ লোকে এটোপালো খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সেই সময়ৰ এনে কৰ্মত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে যি সময়ত বিৰাট কোহলিৰ কাম কৰা লোকজনে খোৱা পানীৰে গাড়ী ধুই আছিল , সেই সময়তে পৌৰনিগমৰ চাডেন ভিজিতত খোৱা পানীৰ অপব্যৱহাৰ কৰা প্ৰতক্ষ্য কৰে । এই কাণ্ডত ৫০০ টকাৰ জৰিমনা বিহা হয় বিৰাট কোহলিক ।

গুৰগাঁওৰ ডি এল এফ 1 ত কোহলিৰ বাসগৃহ আৰু তেওঁৰ ওচৰ চুবুৰীয়ায়ে প্ৰকাশ কৰিছে যে কোহলিৰ কাম কৰা লোকে সঘনাই খোৱা পানী অপব্যৱহাৰ কৰে । কোহলিৰ প্ৰায় ৬ খন গাড়ী আছে । সেয়েহে গাড়ী সমূহ ধোৱাত বহু পৰিমাণৰ খোৱা পানী নষ্ট কৰে কোহলিয়ে। গাড়ী কেইখন ধোৱাত প্ৰায় হাজাৰৰো অধিক লিটাৰ পানী বিনষ্ট হয় ।

বৰ্তমান উষ্ণতা বৃদ্ধি পোৱাৰ ফলত জনসাধাৰণক অধিক খোৱা পানীৰ প্ৰয়োজন হয় । এনে এক সময়ত জনসাধাৰণে পানী সংৰক্ষণ কৰিবলৈ শিকিব লাগে । দেশৰ অন্যান্য প্ৰান্ততকৈ উত্তৰ প্ৰান্তত খোৱা পানীৰ যথেষ্ট নাটনি হয় । সমান্তৰালকৈ গুৰগাঁওতো বহু লোকে খোৱা পানীৰ সমস্যাৰ সন্মুখীন হয়।

উল্লেখযোগ্য যে বিৰাট কোহলিৰ লগতে আন ১০ ঘৰ লোকক জৰিমনা বিহে পৌৰ নিগমে । লগতে সকিয়নি প্ৰদান কৰে যে খোৱা পানী অপব্যৱহাৰ কৰিলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি