কোনো দলৰ ওপৰতে আমাৰ বিশ্বাস নাই: আছু

কোনো দলৰ ওপৰতে আমাৰ বিশ্বাস নাই: আছু

গুৱাহাটী : কোনো দলৰ ওপৰতে আমাৰ বিশ্বাস নাই: আছু । নাগিৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপি আৰু কংগ্ৰেছ দল এই দুয়োটা দলেই এটা দলে আন এটা দলক সমালোচনা আৰু বোকা চটিওৱা ৰাজনীতি অব্যাহত ৰখাৰ সময়তে আছুৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে যে কংগ্ৰেছ চৰকাৰে আই এম ডি টি আইন আনি বাংলাদেশী সকলক অসমত অনাৰ চেষ্টা কৰিছিল তাৰ বিপৰীতে বিজেপি দলে একেই কাম কৰি বাংলাদেশী ক সুৰক্ষা আৰু সংস্থাপিত কৰাৰ নামত নাগৰিকত্ব সংশোধনী আইন আনিছে।

শুক্ৰবাৰে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ই এক সাক্ষাৎকাৰত মন্তব্য কৰে যে, কেন্দ্ৰত পূৰ্বতে শাসনৰ দ্বায়িত্বত আছিল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ বৰ্তমান কেন্দ্ৰত শাসনৰ দ্বায়িত্বত আছে বিজেপি নেতৃত্বাধীন চৰকাৰ। দিছ্পুৰত পূৰ্বতে শাসকীয় চৰকাৰ হিচাপে আছিল কংগ্ৰেছ,অসম গণ পৰিষদ। বৰ্তমান দিছ্পুৰত শাসনৰ দ্বায়িত্বত আছে বিজেপি দল নেতৃত্বাধীন চৰকাৰ। অন্যহাতে অসম চুক্তিৰ ৩৪ বছৰৰ পিছতো কোনো এখন চৰকাৰে বিষয় তো গুৰুত্ব নিদিলে।আমি এনে ৰাজনৈতিক দল সমূহক বিশ্বাস কৰিব নোৱাৰো। এই ৰাজনৈতিক দল সমূহে যি সমূহ প্ৰতিশ্ৰুতি ৰাইজক দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূর্ণ ব্যৰ্থ হল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৰ সৈতে হোৱা শেহতীয়া আলোচনাত আছু নেতৃত্বই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শ্বাহ ৰ সন্মুখত অধিক প্ৰতিবাদ কৰা নাছিল বুলি একাংশ বিজেপি নেতাই অভিযোগ কৰা প্ৰসংগত আছুৰ উপদেষ্টা সম্মুজ্বল ভট্টাচাৰ্য ই কয় যে,গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল।সেই বৈঠকত আমি গৃহমন্ত্ৰী অমিত শ্বাহক স্পষ্টকৈ কৈছিলোঁ কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন আমি নামানো। এতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহ মন্ত্ৰী অমিত শ্বাহক অসমলৈ আমন্ত্ৰণ জনাইছোঁ আৰু নাগৰিকত্ব সংশোধনী আইন ৰ ওপৰত মুকলি তৰ্ক কৰাৰ বাবে প্ৰত্যহ্বান জনাইছোঁ। আমি তেওঁলোকক জনাম কি কি কাৰণত নাগৰিকত্ব সংশোধনী আইন অসমৰ বাবে ক্ষতি কাৰক। আমি বৰ্তমান ৰাজ্যৰ এনে পৰিস্থিতিত বিষয়টো ক্ষেত্ৰত ৰাজনীতি নকৰি জনতাৰ হকে মাত মতাৰ বাবে সকলো ৰাজনৈতিক দলক আহ্বান জনাইছোঁ।

অন্য খবৰৰ বাবে পঢ়ক: PM Modi, Amit Shah have destroyed future of nation’s youth: Rahul Gandhi

ভিডিঅ প্ৰতক্ষ্য কৰক: Public meeting on Protection of the indigenous communities held in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com