Begin typing your search above and press return to search.

ক’ৱিড-১৯বিৰোধী যুঁজত দেশবাসীৰ মাজত ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছেঃ মোদী

ক’ৱিড-১৯বিৰোধী যুঁজত দেশবাসীৰ মাজত ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছেঃ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2020 6:15 AM GMT

ক’ৱিড-১৯বিৰোধী যুঁজত দেশবাসীৰ মাজত ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছেঃ মোদী

দেশে ঘোষণা কৰা ক’ৱিড-১৯বিৰোধী যুঁজত সংবিধানৰ প্ৰস্তাৱনাৰ ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মঙলবাৰে পুৱা ১০বজাত দেশবাসীক উদ্দেশি দিয়া ভাষণত মোদীয়ে কয় যে এই মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশবাসীয়ে যি ধৈৰ্য-সাহস আৰু কষ্ট-সহিষ্ণুতাৰ পৰিচয় দিলে তাৰ বলত বিশ্বৰ আন বহু দেশতকৈ ভাৰত ক’ৰ’না মহামাৰীবিৰোধী যুঁজত সফল হৈছে। তাৰ বাবে দেশবাসীক ধন্যবাদ জনোৱাৰ লগতে সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “ক’ৱিড-১৯মহামাৰীবিৰোধী যুঁজখন সফল কৰিবলৈ দেশজোৰা তলবন্ধ ঘোষণা কৰা হৈছে। এই ২১ দিনত দেশবাসী বহু সমস্যাৰ সন্মুখীন হৈছে। ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱৰা হল, প্ৰয়োজনীয় কাম-কাজ কৰিব নোৱৰা হল। এনে কষ্ট-অসুবিধাৰ মাজতো দেশবাসীয়ে যুঁজখনলৈ সঁহাৰি আগবঢ়াইছে। ইয়াৰ সুবাদত আমি ক’ৱিড-১৯ প্ৰতিৰোধ কৰিবলৈ আন বহু দেশৰ তুলনাত সক্ষম হৈছোঁ।গতিকে মই দেশবাসীৰ প্ৰতি ধন্যবাদ জনাইছোঁ”।আজি প্ৰধানমন্ত্ৰী মোদীয়ে অহা তিনি মেলৈ তলাবন্ধ বৃদ্ধি কৰে। অলপতে মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত কৰা এখন ভিডিঅ কনফাৰেন্সিঙত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ বহুসংখ্যক মুখ্যমন্ত্ৰীয়ে তলাবন্ধ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ জনায়। ইয়াৰ পাছতে এখনৰ পাছত এখনকৈ সাতখন ৰাজ্যই নিজাববীয়াকৈ তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰে। আনহাতে, দেশত বৰ্তমানলৈকে ন সহস্ৰাধিক লোক ক’ৱিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে। তদুপৰি তিনি শতাধিকে প্ৰাণ হেৰুৱাইছে।

অন্য খবৰৰ বাবে পঢ়ক: দেশত তিনি মে’লৈ বৃদ্ধি তলাবন্ধঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি