ভাৰত-ভূটান সীমান্তৰ টংলাত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

ভাৰত-ভূটান সীমান্তৰ টংলাত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

ভাৰত-ভূটান সীমান্তত মানুহ আৰু বন্যহস্তীৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে । ভাৰত-ভূটান সীমান্ত বিভিন্ন সময়ত বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে । শুকুৰবাৰে পুৱতি নিশা বন্যহস্তীয়ে চলোৱা সন্ত্ৰাসত এজন লোক নিহত হৈছে ।

শুকুৰবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ হৰিসিঙা আৰক্ষী থানাৰ অধিনত আমজুলিৰ ওচৰৰ ৩ নং কুনদাৰবিলত বন্যহস্তীৰ আক্ৰমণত খান বাহাদুৰ ৰায় নামৰ এজন লোক নিহত হয় । লোক জনৰ বয়ষ ৬৫ বছৰ । জানিব পৰা মতে খান বাহাদুৰ ৰায় নামৰ লোক জনে খাব পৰা কাঠফুলা আনিবলৈ হাবিলৈ যাওতেই বন্যহস্তীয়ে আক্ৰমণ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com