লাডেনৰ মৃত্যু : ওদালগুৰিত ত্ৰাসৰ সৃষ্টি কৰা লাডেন উদ্ধাৰ হ'ল মৃত অৱস্থাত

ওদালগুৰিত ত্ৰাসৰ সৃষ্টি কৰা লাডেন উদ্ধাৰ হ'ল মৃত অৱস্থাত। এটা মাখনা হাতী যিয়ে ৫/৬ বছৰৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু কমেও ৭০ টা জীৱ হত্যা কৰিছে সেই হাতীটোৰ নাম ক্ষল লাডেন । মঙ্গলবাৰে ৰাতি ওদালগুৰি জিলাৰ ইন্দো ভূটানৰ অন্তৰ্গত নম্বৰ ১ বোলাটাৰ গাওত মৃত অৱস্থাত উদ্ধাৰ লাডেন নামৰ হাতীটোক । লাডেনৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগৰ কৰ্মচাৰী সকলে। লগতে বিশেষজ্ঞ পশু চিকিৎসকে সন্দেহ কৰা অনুসৰি হাতীটো বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু বৰন কৰিছিল।

নম্বৰ ১ ভোলাটাৰা গাঁওবাসীৰ লগতে ওচৰ চুবুৰীয়াৰ মাজত ৬০/৬৫ বছৰীয়া হাতীটোৱে ভয়ৰ সৃষ্টি কৰিছিল। সেইবাবে বুঢ়া হাতীটোৰ নাম বদনামী সন্ত্ৰাসবাদী টুস্কৰ লাডেনৰ নামেৰে নামাকৰণ কৰিছিল । বন বিভাগৰ কৰ্মচাৰী সকলে কয় যে , তেওঁলোকে সন্দেহ কৰে যে গাঁওবাসী ব্যাথিত হৈ বিদ্যুতৰ দ্বাৰা মৃত্যু কৰাইছিল লাডেনক ।

উৎস অনুসৰি অৰন্যৰ পৰা ইন্দো ভূটান সীমান্তলৈ অহা হাতীটোৰ বাবে নতুন নহয় । উৎস ই জনোৱা মতে যোৱা সাত বছৰত ৭০ জন গাঁওবাসীৰ প্ৰান লৈছিল হাতীটোৱে, ৭০ জন গাঁওবাসীৰ প্ৰান লোৱাৰ পিছতেই হাতীটোৰ নাম লাডেন নামেৰে নামাকৰণ কৰিছে । গাওৰ এজন বাসীন্দাই কয় যে অঞ্চলটোত লাডেনে সকলোৰে মাজত ভয়ৰ সৃষ্টি কৰিছিল ।

লগতে কয় যে গাওৰ কৃষক আৰু দৰিদ্ৰতাৰ কবলত পৰা লোক সকলে ৰাতি ঘৰলৈ উভতি আহে আৰু বহুদিন অনিদ্ৰাত দিন কটাইছে বুলিও কয় গাও বাসীয়ে । তাৰোপৰি গাঁওবাসীয়ে কয় যে তেওঁলোকে ৰাতি বাহিৰলৈ ওলাই আহিব ভয় কৰে আৰু কোনো ধৰনৰ বন বিষয়াও নাহে । লগতে পহৰা দিয়া মানুহ অৰ্থাৎ বাহনৰ ক্ষেত্ৰত অভাৱ হোৱা বুলি কয় ভোলাটাৰ অঞ্চলৰ লোক জনে ।

স্থানীয় লোক সমূহৰ ভাষ্য অনুসৰি , চৰকাৰী নথি পত্ৰ হিচাপত চলিত বৰ্ষত হাতীয়ে প্ৰধান লয় ১৮ জন মানুহৰ আনহাতে চলিত বৰ্ষৰ হাতীৰ মৃত্যুৰ সংখ্যা হ'ল ৪ টা । কিন্তু বেচৰকাৰী তথ্যৰ ভিত্তিত চলিত বৰ্ষত কমেও ২৫ জন মানুহে প্ৰান হেৰুৱাইছে হাতীৰ আক্ৰমণত ।

বন কৰ্মী নৱজ্যোতি বৰুৱাই কয় যে , এটাৰ পিছত এটাকৈ গাঁওবাসীৰ দ্বাৰা হাতী হত্যা কৰা কাৰ্য চৰকাৰৰ বাবে এক সাৱধানবানী । তাৰোপৰি বনকৰ্মী নৱজ্যোতি বৰুৱাই কয় যে এতিয়াও এনেকুৱা বহু ঠাই আছে য'ত মানুহে হাতী হত্যাকৰাৰ মনোভাৱ লৈ থাকে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Hojai Woman arrested in Nagaon for duping a family

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com