ভৰলু নদীৰ পানী স্নান কৰাৰ কাৰণে উপযুক্ত হ’বনে?প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ আঁচনি

ভৰলু নদীৰ পানী স্নান কৰাৰ কাৰণে উপযুক্ত হ’বনে?এই সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ আঁচনি ৷ গুৱাহাটীত পানীৰ সমস্যা নতুন কথা নহয়৷ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে পানীৰ এই সমস্যাৰ অনতি পলমে সমাধান যে হ’ব সেয়া সন্দেহৰ আৱৰ্তত৷ কাৰণ বৰ্তমান মহানগৰত চাৰি মেগা ৱাটাৰ পৰিযোজনাত ব্যস্ত থকা লোকসকলে নিজৰ ব্যক্তিগত কামত ব্যস্ত হৈ আছে ৷
ইফালে ভৰলু পানী গা ধুবৰ কাৰণেও উপযোগী নহয় ৷ অন্যহাতে ভৰলু নদীৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু ৰিভাৰ ৰিজ’ভেনেশ্বন কমিটীয়ে প্ৰথমে ৰাজ্য চৰকাৰক নিজৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ লগতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক ভৰলুৰ পানী গা ধোৱাৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ ব্যৱস্থা কৰিবলৈ কয়।
পিচিবিএয়ে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিব্যিয়ুনেলে এক আঁচনি তৈয়াৰ কৰিবলৈ নিৰ্দেশ কৰে। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে সকলো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক নিৰ্দেশ দিয়ে যে দেশৰ ৩৫১ প্ৰদূষিত নদীৰ পানী যাতে গা ধোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে ৷লগতে, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক এখন আঁচনি তৈয়াৰ কৰিবলৈ কয় ৷
ইফালে, দেশৰ ৩৫১ খন প্ৰদূষিত নদীৰ পাঁচটা বিভাগত ভাগ কৰা হৈছিল ৷ প্ৰথম শ্ৰেণী,দ্বিতীয় শ্ৰেণী,তৃতীয় শ্ৰেণী,চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী ৷ ইয়াৰে গুৱাহাটীৰ ভৰলু নদীখন আছে প্ৰথম শ্ৰেণীত ৷গতিকে ভৰলু নদীৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷
অধিক খবৰৰ বাবে পঢ়ক: ভৰলুক স্নানৰ উপযোগী কৰাৰ লক্ষ্য প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ