ডি ভোটাৰ সকলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল’ব কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে

কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে চৰকাৰক সন্দেহজনক ভোটাৰ প্ৰণালীৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ কাৰণে আহ্বান কৰে ৷ সাংসদ গৰাকীয়ে কয় যে যদি কেন্দ্ৰই এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ নলয়৷ তেতিয়া অনাগত বিধানসভাত সন্দেহজনক ভোটাৰৰ সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰিব ৷ শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি আব্দুল খালেকে কয় যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশিত হ’ব।
অৱশ্যে এতিয়াও ডি ভোটাৰ সন্দৰ্ভত লোকসকল হাৰাশাস্তিৰ সন্মুখীন হৈ আছে ৷কংগ্ৰেছ এই "ডি" ভোটাৰসকলৰ কাৰণে চিন্তিত হৈ পৰিছে ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আব্দুল খালেকে কয় যে চৰকাৰে কিয় এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ ওপৰত বিশ্বাস নকৰে ৷ যিয়ে সৰ্বোচ্চ ন্যায়ালয়ক কৈছে যে এনআৰচিৰ পুনৰ নিৰীক্ষণ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণিত হয় যে চৰকাৰৰ নিজৰ কৰ্মচাৰীৰ ওপৰত ভৰষা নাই ৷তেওঁলোকক বিশ্বাস নকৰে ৷
চৰকাৰে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক পুনৰ নিৰীক্ষণৰ সন্দৰ্ভত ব্লেকমেইল কৰিছে ৷ এনআৰচিৰ সন্দৰ্ভত মৃত্যু হোৱা লোকসকলৰ দায়িত্ব কোনো ল’ব বুলিও প্ৰশ্ন কৰে আব্দুল খালেকে ৷লগতে এনআৰচিৰ কাৰণে মৃত্যু হোৱা লোকসকলক ১০ লাখ টকা দিবলৈ আহ্বান কৰে আব্দুল খালেকে ৷ ইফালে তিনি তালাকৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে মই তিনি তালাকৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগতম জনাইছোঁ ৷অৱশ্য মই আইনখনৰ ৪ নম্বৰ অধিনিয়মৰ লগত একমত নহও য’ত কোৱা হৈছে যে তিনি তালাকৰ আশ্ৰয় লোৱা পুৰুষক অপৰাধী হিচাপে গণ্য কৰা হ’ব।
অন্যান্য জাতিৰ বহু পুৰুষ আছে যিয়ে নিজৰ পত্নীৰ লগত একেলগে নাথাকে। ইফালে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত সাংসদগৰাকী মত প্ৰকাশ কৰে ৷ আব্দুল খালেকে কয় যে দলটোৰ লগত মিত্ৰতা কৰিবলৈ যোৱাৰ প্ৰাকমূৰ্হুত্তত দলটোৱে নিশ্চিত হ’ব লাগিব যে এআইইউডিএফ এটি সাম্প্ৰদায়িক দল হয় নে নহয় ।
আনহাতে সদ্যহতে বহু কংগ্ৰেছী নেতা শাসনাধীষ্ঠ বিজেপি দলত যোগদান কৰিছে ৷ এই সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে কংগ্ৰেছ শাসনত নাই যেতিয়া বিজিপিত যোগদানৰ কোনো গত্যন্তৰ নাই ৷ লগতে চলিত বিধানসভাত প্ৰায় ২৬ টা বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্থাপন কৰাৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷
অন্য খবৰৰ বাবে পঢ়ক: চি ভোটাৰ-আই এ এন এচৰ এগজিট প’লৰ সমীক্ষা: এনডিএ লাভ কৰিব ২৮৭ খন আসন আৰু ইউ পি এয়ে লাভ কৰিব ১২৮ খন
ভিডিঅ প্ৰতক্ষ্য কৰক:ULFA(I) cadre surrendered before Sonari Police