Begin typing your search above and press return to search.

মোৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত মই নিজেই ল'ম: দালাই লামা

মোৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত মই নিজেই লম: দালাই লামা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 8:35 AM GMT

তিব্বতৰ আধ্যাত্মিক ধৰ্ম গুৰু দালাই লামায়ে শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছিল । মিলিয়ন লোকৰ বাবে জীৱন্ত ভগৱান আধ্যাত্মিক গুৰু দালাই লামায়ে শেহতীয়াকৈ মন্তব্য আগবঢ়াইছিল যে তেওঁৰ উত্তৰাধিকাৰী মহিলা হ'লে অধিক আকৰ্ষণীয় হব । এই মন্তব্যত দালাই লামায়ে কয় যে, তেওঁৰ পুনৰ জনম তেওঁ নিজৰ সিন্ধান্ততে হব ।

লগতে আধ্যাত্মিক গুৰু জনে যদি তেওঁৰ এই উত্তৰাধিকাৰীৰ মন্তব্যত কোনোৱে দুখ পাইছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে।

সোমবাৰে উত্তৰ পূৰ্বাঞ্চলৰ তেওঁৰ কাৰ্যালয়ত সহকৰ্মী সকলক তেওঁ স্পষ্ট কৰি দিয়ে যে , দালাই লামাৰ ৮৪ বছৰ বয়সত তেওঁৰ উত্তৰাধিকাৰী বিচৰাৰ কোনো প্ৰয়োজন নাই । ২০১১ চনত তেওঁ প্ৰকাশ কৰিছিল যে, ৯০ বছৰ বয়সত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব যে তেওঁৰ উত্তৰাধিকাৰী থাকিব নে নাথাকে । পুনৰ জন্মৰ বিষয়টো তেওঁৰ ব্যক্তিগত অধিকাৰ বুলি দালাই লামায়ে কয় বুলি কাৰ্য্যালয়ে প্ৰকাশ কৰিছে ।

চীনে প্ৰকাশ কৰিছিল যে, দালাই লামাৰ উত্তৰাধিকাৰী তিব্বতত জন্ম গ্ৰহণ কৰিব । এই সন্দৰ্ভত দালাই লামায়ে প্ৰকাশ কৰে যে, যদি তিব্বতৰ বৰ্তমান পৰিস্থিতিত এনে থাকে , তেনে পৰিস্থিতিত তিব্বতৰ বাহিৰত , চীনৰ কৰ্তৃপক্ষৰ শাসনৰ বাহিত জন্ম হম । এইটো যুক্তি সংগত । পুনৰ জনম উদ্দেশ্য পূৰ্বৱতী জনম এটা অসমাপ্ত কাৰ্য যি অব্যাহত থাকিব ।

বৌদ্ধ ধৰ্ম গুৰু দালাই লামাই ১৯৫৯ চনৰ পৰা ভাৰতত স্বনিৰ্বাসন কটাই আছে। চীনৰ কমিনিউষ্ট সেনাই তিব্বতত আগ্ৰাসন চলাই তিব্বত দখল কৰাৰ পিছৰে পৰা দালাই লামাই পলায় আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। বৌদ্ধ ধৰ্মগুৰু গৰাকীয়ে জনসাধাৰণৰ বাবে বিভিন্ন স্থানত বক্তৃতা অনুষ্ঠিত কৰি নিজৰ জ্ঞান আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰচাৰ কৰি আহিছে।

অন্য খবৰৰ বাবে পঢ়ক: আমি অন্য ধৰ্মৰ পৰা নতুন নতুন কথা শিকিব লাগিব: দালাই লামা

Next Story
চাকৰি