পাকিস্তানলৈ পানী বৈ যোৱাত অনুমতি নিদিয়ে ভাৰতে : প্ৰধানমন্ত্ৰী মোদী

মঙ্গলবাৰে অনুষ্ঠিত হাৰিয়ানাৰ এক নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে কেতিয়াও এই দেশৰ পৰা পাকিস্তানলৈ পানী বৈ যোৱাত অনুমতি প্ৰদান নকৰে । সভাত প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে কৰ্টাৰপুৰ কৰিডৰ প্ৰকল্পক লৈ কেন্দ্ৰীয় চৰকাৰ সুখী । এই কৰ্টাৰপুৰ কৰিডৰে ভাৰতবৰ্ষক ঐতিহাসিক কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰ য'ত গুৰুনানকে শেষ নিশ্বাস ত্যাগ কৰিছিল তাৰ লগত সংলগ্ন কৰিব ।
হাৰিয়ানাৰ চাৰখি দাদৰিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে , যোৱা ৭০ বছৰৰ পৰা ভাৰতৰ হাৰিয়ানাৰ কৃষকৰ পানী পাকিস্তানলৈ গৈ আছে । ৭০ বছৰ ধৰি পাকিস্তানলৈ বৈ থকা পানী বন্ধ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে হাৰিয়ানা বাসীক প্ৰতিশ্ৰুতি দিয়ে । সেয়া পানী হাৰিয়ানাৰ লোকৰ ঘৰে ঘৰে যোগান ধৰা হ'ব বুলিও কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেওঁ
আৰু কয় যে , পাকিস্তানলৈ বৈ যোৱা পানীৰ অধিকাৰ কেৱল হাৰিয়ানা আৰু ৰাজস্থানৰ কৃষক সকলৰহে আছে ।
হাৰিয়ানাত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আশ্বাস দি কয় যে , " মোদীয়ে আপোনালোকৰ হৈ যুদ্ধ যুঁজিব " ।
কুৰুক্ষেত্ৰত অনুষ্ঠিত হোৱা আন এক জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৰ্টাৰপুৰ কৰিডৰ নিৰ্মানক লৈ মোদী অত্যন্ত সুখী । লগতে কয় যে সমগ্ৰ ৰাষ্ট্ৰই নৱেম্বৰৰ ৯ তাৰিখে গুৰুনানক দেৱৰ ৫৫০ তম " প্ৰকাশ পূৰ্ব " উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে ।
সমগ্ৰ দেশে প্ৰকাশ পূৰ্ব বহু ডাঙৰকৈ অনুষ্ঠিত কৰিব । ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশ্বব্যাপী এই উৎসৱ উদযাপন কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিব বুলি কয় ।
প্ৰধান মন্ত্ৰী মোদীয়ে ৩৭০ নং অনুচ্ছেদ বাতিল সন্দৰ্ভত কংগ্ৰেছে ভুৱা অপপ্ৰচাৰ চলোৱাৰো অভিযোগ এনে ।দেশবাসীয়ে ৩৭০ নং অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক মানি লৈছে যদিও একাংশ কংগ্ৰেছ নেতাই দেশ বিদেশত এই সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ এনে মোদীয়ে ।
উক্ত নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , " মই নিৰ্বাচনী সভাৰ বাবে অহা নাই বা ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবেও অহা নাই । মই হাৰিয়ানা বাসীক ভোট প্রদানৰ কথা নকও । হাৰিয়ানাবাসীয়ে মোক নিজেই ইয়ালৈ মাতি আনিছে আৰু ইয়ালৈ অহাত মই নিজক বাৰণ কৰিব নোৱাৰিলো । আপোনালোকে মোক যথেষ্ট খিনি মৰম দিছে " ।
Also Read: ভাৰতবৰ্ষৰ প্ৰথম গৰাকী দৃষ্টিহীন মহিলা আই এ এচ অফিচাৰ, ত্ৰিভানথাপুৰম উপ জিলা অধিকাৰী
Also Watch: Poor lady from Kampur falls prey to Online Fraud, You could be next!