Begin typing your search above and press return to search.

অসমৰ সাম্প্ৰতিক পৰিস্থিতিক ৰাজ্যসভাত উত্থাপন কৰিব নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই

অসমৰ সাম্প্ৰতিক পৰিস্থিতিক ৰাজ্যসভাত উত্থাপন কৰিব নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jun 2019 8:14 AM GMT

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভে ৰাজ্যসভাত উত্থাপন কৰিব ৷ এই মন্তব্য কৰে নৱ নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই (Birendra Prasad Baishya) ৷ শনিবাৰে গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত, বৈশ্যই ৰাজ্যৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কাম কৰাৰ লগতে দলৰ নীতি পালন কৰাৰ কথাও কয়। সাংসদ বৈশ্যই অগপৰ সভাপতি অতুল বৰাক নতুন দিল্লীত এটা অসম গণ পৰিষদৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ অনুমতি বিছাৰে ।

ইফালে সভাপতি অতুল বৰা,দলৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্ত,মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ দৰে শীৰ্ষ নেতাসকলৰ উপস্থিত হোৱা সভাখনত,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ফুলৰ মালা,প্ৰশস্তি পত্ৰ আৰু ফুলাম জাপিৰে সন্মানিত কৰা হয়। অন্যহাতে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সন্মানিত কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ লোকসকলৰ কাৰণে নিজৰ দায়িত্ব পালন কৰিব ৷

ইয়াৰ মাজতে অসম গণ পৰিষদে মহানগৰীৰ আমবাৰীৰ বুৰহা জামা মছজিদত এক ইফতাৰ পাৰ্টিৰ আয়োজন কৰে ৷ এই অনুষ্ঠানত কেশৱ মহন্ত,বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে বহু শীৰ্ষ নেতা উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি