Begin typing your search above and press return to search.

পাঞ্জাবাৰীত মাতৃ কন্যাক চুৰিকাঘাত: মাতৃৰ মৃত্যু, কন্যাৰ অবস্থা সংকটজনক

পাঞ্জাবাৰীত মাতৃ কন্যাক চুৰিকাঘাত: মাতৃৰ মৃত্যু, কন্যাৰ অবস্থা সংকটজনক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 11:10 AM GMT

মংগলবাৰে পাঞ্জাবাৰীৰ বতাঘূলীত এক লোমহৰ্ষক কাণ্ড সংঘটিত হয় । মাতৃ আৰু কন্যাক চুৰিকাঘাত দুৰ্বিত্তৰ । চুৰিকাঘাত মাতৃ উৰ্বষী কৈবত্ৰৰ মৃত্যু হৈছে । উৰ্বৰ্ষী কৈবত্ৰৰ বয়স ৩৮ বছৰ আছিল । ১২ বছৰীয়া কন্যা থাপৰ্না কৈবত্য বৰ্তমান সংকটজনক অবস্থাত ব্যক্তিগত এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

সাতগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিশা প্ৰায় ১০ মান বজাত ৬ জনীয়া দুৰ্বিত্তৰ দল এটা তেওঁলোকৰ বাসগৃহত প্ৰবেশ কৰে আৰু চোকা অস্ত্ৰৰে উৰ্বৰ্ষী কৈবত্যক কেইবাবাৰো আঘাত কৰে। মাকৰ চিঞৰ শুনি কন্যা বাহিৰলৈ ওলাই অহাত থাপৰ্নাকো আঘাত কৰে। ২ মহিলাসহ ৬ জনে সংঘটিত কৰিছিল এই ঘটনা।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগতে মাতৃ আৰু কন্যাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মাতৃৰ ইতিমধ্যে মৃত্যু হয় । থাপৰ্না বৰ্তমানেও সংকটজনক অৱস্থাত আছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সাবিত্ৰী ৰয়ক গ্ৰেপ্তাৰ কৰে। বুধবাৰে মুল অভিযুক্ত প্ৰণিতা দাসক বৰবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । উৰ্বৰ্ষী কৈবতৰ ভাতৃ বিনোদ বেজবৰুৱাই ইতিমধ্যে সাতগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত মৃত্যু ঘটে মাতৃ উৰ্বশী কৈৱৰ্তৰ। আহত কন্যা বৰ্তমান চিকিৎসাধীন দিছপুৰৰ GNRCত।। থাপৰ্না বৰ্তমানেও সংকটজনক অৱস্থাত আছে । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে সাতগাঁও আৰক্ষীয়ে।

অধিক খবৰৰ বাবে পঢ়ক:পথ দূৰ্ঘটনাত এগৰাকীৰ মৃত্যু আৰু আন জনৰ অৱস্থা সংকটজনক

Next Story
চাকৰি