Begin typing your search above and press return to search.

২২১ বাৰ প্ৰেমত প্ৰতাৰণাৰ পাছত নিজৰ কুকুৰটোৰ লগতে বিয়াত বহিল যুৱতীয়ে

২২১ বাৰ প্ৰেমত প্ৰতাৰণাৰ পাছত নিজৰ কুকুৰটোৰ লগতে বিয়াত বহিল যুৱতীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Aug 2019 12:39 PM GMT

প্ৰেমত প্ৰতাৰণা কোনো নতুন কথা নহয় । কিন্তু প্ৰেমৰ প্ৰতাৰণায়ে কিমান দুখ দিব পাৰে অন্তৰত আৰু কিমান বাৰ প্ৰতাৰণাৰ বলি হোৱালৈকে ধৈৰ্য্য থাকিব পাৰে মানুহৰ ? ২২১ বাৰ প্ৰেমত প্ৰতাৰণাৰ বলি হৈ অবশেষত নিজৰ কুকুৰটোৰ লগতে বিয়াত বহিল এগৰাকী যুৱতীয়ে । যুৱতী গৰাকীৰ নাম হৈছে এলিজাবেথ হৱাদ। এলিজাবেথেও নিজৰ জীৱনটো সুন্দৰকৈ গঢ়াৰ সপোন দেখিছিল কিন্তু সেয়া বাস্তৱ নহয় ।

২২১ বাৰ প্ৰেমত বিফল হোৱাৰ পাছত যুৱকৰ ওপৰত বিশ্বাস নোহোৱা হ'ল এলিজাবেথৰ। সেয়েহে অবশেষত নিজৰ কুকুৰ লোগানৰ লগত বিয়াত বহাৰ সিদ্ধান্ত লয় এলিজাবেথে । এটা বৃটিছ টিভি শ্ব'ত এলিজাবেথে কয় যে, আমি যেন ইজনে সিজনৰ কাৰনেই আছো । মই তাক সুৰক্ষা দিও, সি মোক। লোগানক লগ পোৱাৰ আগত মই যথেষ্ট হতাশা আছিলো । "

এটা আশ্ৰয় স্থানৰ পৰা কুকুৰটোক এলিজাবেথে উদ্ধাৰ কৰিছিল । লগতে এলিজাবেথে কয় যে, তেওঁ অতীতৰ কথাত ইমান গুৰুত্ব নিদিয়ে । " This Morning" নামৰ অনুষ্ঠান এটাৰ এটা এপিচদত এই বিয়া খন অনুষ্ঠিত কৰা হয় । পিছত ফটো সমূহো প্ৰকাশ কৰে ছছিয়েল মেডিয়াত । এই অনুষ্ঠানটোৰ পাছতে বহুতো দৰ্শকে তেওঁ লোকৰ মতামত সমূহ প্ৰকাশ কৰে ছছিয়েল মেডিয়াৰ যোগেদি । কিন্তু এই অনুষ্ঠানৰ পাছতে সমালোচনা কৰে সকলোৱে ।

DOG1

একাংশয়ে এই অনুষ্ঠান চাই হাঁহিৰ খোৰাক লোৱাৰ বিপৰিতে একাংশয়ে তীব্ৰ সমালোচনা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: বালিৰে আবৃত্ত,নিৰ্মিত,বালিত অঁকা নাইবা প্ৰকৃতিৰ সৃষ্টিৰ কিছু সুন্দৰ ফটো

Next Story
চাকৰি