Begin typing your search above and press return to search.

বিশ্ব বক্সিং চেম্পিয়ন শ্বিপৰ ৰিঙত অসমৰ যমুনা বড়ো

বিশ্ব বক্সিং চেম্পিয়ন শ্বিপৰ ৰিঙত অসমৰ যমুনা বড়ো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 8:37 AM GMT

বিশ্ব বক্সিং চেম্পিয়ন শ্বিপৰ ৰিঙত অসমৰ যমুনা বড়ো। অসমবাসীৰ কাৰণে সুখবৰ ৷ এইবাৰ অসম কন্যা যমুনা বড়োৱে মহিলাৰ বিশ্ব চেম্পিয়ন শ্বিপত অংশ গ্ৰহণ কৰিব ৷ৰাছিয়াত চলি থকা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত আজি যমুনা বড়োয়ে অংশ গ্ৰহণ কৰিব। যমুনা বড়োৱে ৫৪ কিলোগ্ৰাম বান্টাম শাখাত মংগোলিয়াৰ এৰদেনদালাই মিচিদমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।

উল্লেখ্য যে অসমৰ যমুনা বড়োয়ে ২৩ সংখ্যক ইণ্ডোনেছিয়াৰ লাবুৱান বাজোত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰে। ফাইনেলত যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক। ইয়াৰ পূৰ্বতে যমুনাই গুৱাহাটীত আয়োজিত ছেকেণ্ড ইণ্ডিয়া অ’পেন ইন্টাৰনেশ্যনেল বক্সিঙ টুৰ্নামেন্টত স্বৰ্ণ পদকত জয় লাভ কৰে ৷

শিৱ থাপাই স্বৰ্ণ পদক লাভ কৰাৰ পাছত অসমৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন বক্সাৰ যমূনা বড়োই আন এখন আন্তৰাষ্ট্ৰীয় টুৰ্নামেন্টত অনুৰূপ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মে’ মাহত ইণ্ডিয়া অ’পেন স্বৰ্ণ পদক জয় কৰা যমুনাই ইণ্ডোনেছিয়াৰ লাবুৱান বাজুত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিঙ চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰে ৷যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক ৷

অধিক খবৰৰ বাবে পঢ়ক: পিঠিৰ বিষৰ কাৰণে ৱৰ্ল্ড এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ ত অংশ নলয় অসম গৌৰৱ হিমা দাসে

ভিডিঅ প্ৰতক্ষ্য কৰক:Plastic free campaign in Dhemaji, Mahila Samaj distributes cloth bags

Next Story
চাকৰি