Begin typing your search above and press return to search.

বিশ্বকাপৰ ছেমি-ফাইনেল: বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ খেল

বিশ্বকাপৰ ছেমি-ফাইনেল: বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ খেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 1:34 PM GMT

আজি বিশ্বকাপ মহাৰনৰ ছেমি- ফাইনেল । বৰষুণৰ বাবে স্থগিত ভাৰত- নিউজিলেণ্ডৰ ছেমি ফাইনেল । টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল নিউজীলেণ্ডে। বৰ্তমানলৈকে নিউজিলেণ্ডে ৫ টা উইকেট হেৰুৱাই ৪৬.১ অভাৰত ২১১ ৰান কৰিবলৈ সক্ষম হৈছে। বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰিছিল ।

আজিৰ খেল খনক লৈ ক্ৰিকেট অনুৰাগী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত আছে অধিনায়ক বিৰাট কোহলী , জছপ্ৰীত বুমৰাহ, য়ুজৱেন্দ্ৰ চহল, এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, ভুবনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কে এল ৰাহুল, মহম্মদ ছামী, মায়াংক আগৰৱাল, ৰোহিত শৰ্মা আৰু কুলদীপ যাদৱ।

ইফালে, নিউজীলেণ্ড দলটোত আছে অধিনায়ক কেন উইলিয়ামছন , টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, কলিন ডি গ্ৰেণ্ডহোম, লোকি ফৰ্গুছন, মাৰ্টিন গপতিল, মেট হেনৰী, টম লেথম, কলিন মনৰো, জিমি নীশম, হেনৰী নিকোলছ, মিছেল ছেণ্টনৰ, ঈশ ছোৰী, টিম ছউদী আৰু ৰছ টেলাৰ।বৰ্তমান বৰষুণৰ বাবে খেল খন স্থগিত ৰখা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক:বিশ্বকাপৰ ছেমি-ফাইনেল ২০১৯ : টছত জিকি নিউজিলেণ্ডৰ বেটিঙৰ সিদ্ধান্ত

Next Story
চাকৰি