গুৱাহাটী পৌৰ নিগমৰ বিশ্ব পৰিবেশ দিৱস উদযাপন

গুৱাহাটী পৌৰ নিগমৰ বিশ্ব পৰিবেশ দিৱস উদযাপন
Published on

গুৱাহাটী পৌৰ নিগমে বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি পশ্চিম বৰাগাঁৱত এক বৃক্ষৰোপন কাৰ্যসূচীৰ আয়োজন কৰে। বৃক্ষৰোপন কাৰ্যসূচীত গুৱাহাটী পৌৰ সভাৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰ, সংযোগী আযুক্ত সিদ্ধাৰ্থ গোস্বামী আৰু অতিৰিক্ত আয়ুক্ত দেৱীজেন সিঙৰ লগতে গুৱাহাটী পৌৰসভাৰ অন্যান্য ব্যক্তিসকল উপস্থিত আছিল ৷

ইফালে গুৱাহাটী পৌৰ সভাৰ আয়ুক্তই পৰিস্কাৰ পৰিচ্ছনতাৰ সন্দৰ্ভত সকলোৰে মাজত এক জাগৰণ আনিবৰ কাৰণ এখন সভা সম্বোধিত কৰে। আয়ুক্তই মহানগৰখনক পৰিস্কাৰ কৰি ৰাখিবৰ কাৰণে সকলোকে আহ্বান কৰাৰ লগতে জনসাধাৰণক চাৰিওফালৰ পৰিবেশ দূষিত নকৰিবলৈ আহ্বান কৰে। অন্যহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰায় ১০০০ গছ পুলি ৰোপন কৰে উপস্থিত লোকসকলে ৷

উল্লেখ্য যে, প্ৰতিবৰ্ষৰ ৫ জুনত উদযাপন কৰা বিশ্ব পৰিবেশ দিৱসত পৰিবেশ সম্বন্ধীয় সমস্যাসমূহৰ লগত মোকাবিলা কৰিবলৈ আৰম্ভ কৰা হৈছিল। গতিকে, মহানগৰখনক সুস্থ বাতাবৰণ বৰ্তাই ৰাখিবৰ কাৰণে গুৱাহাটী পৌৰ সভাই গছ পুলি ৰোপন কাৰ্যসূচী উদযাপন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com