Begin typing your search above and press return to search.

পৃথিৱীৰ সবাতোকৈ দামী কেক , দাম আৰু আকৃতি শুনি হ'ব আচৰিত

পৃথিৱীৰ সবাতোকৈ দামী কেক , দাম আৰু আকৃতি শুনি হব আচৰিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 12:03 PM GMT

পৃথিৱীৰ সবাতোকৈ দামী কেক , দাম আৰু আকৃতি শুনি হ'ব আচৰিত । আমি সকলোৱে বিভিন্ন ধৰণৰ কেক দেখিছো । তাৰোপৰি আজিকালি কেক সমূহত বিভিন্ন ধৰণৰ আকৃতি দি বনোৱা হয় । তথাপিও আমি মানুহৰ দৰে হুবহু কেক দেখা নাই । কিন্তু ডুবাইত বনোৱা হৈছে এটা হুবহু মানুহৰ লেখীয়া কেক । ডুবাইৰ কেক চেলিব্ৰিটী ডিজাইনৰ ডেবী বিংঘম নামৰ এজন লোকে এগৰাকী ছোৱালীৰ নিচিনা কেক বনাই । এই কেকটো এনেকুৱা নহয় যে সকলোৱে ক্ৰয় কৰিব পাৰিব ।‌ ছোৱালীৰ লেখীয়া কেকটো অত্যন্ত দামী ।

সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে এই কেকটো পৃথিৱীৰ সবাতোকৈ দামী কেক। কেকটো বনাবলৈ দহ দিনতকৈ বেছি সময়ৰ প্ৰয়োজন হৈছিল। এই কেকটো বনাবলৈ ১০০০ আচল মুকুতা , ৫০০০ ফুল ,১০০০ কণী আৰু ২৫ কিলো চকলেটৰ ব্যৱহাৰ কৰা হৈছে । তাৰোপৰি এই কেকটোৰ ওজশ ১০০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। এই কেকটো বনোৱাৰ ফলত ডেৱী বিংঘম সমগ্ৰ বিশ্বত সবাতোকৈ দামী কেক বনোৱাৰ অভিলেখৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এই কেকটোৰ দাম ১ কোটি টকাতকৈও বেছি হ'ব ।তাৰোপৰি এখন মাৰ্চিডিছ কাৰৰ মূল্য ৩২ লাখ টকাৰ পৰা আৰম্ভ হয়। এই কেকটোৰ মূল্যত মানুহে ৩ খন মাৰ্চিডিছ কাৰ কিনিব পাৰিব । ছোৱালী সদৃশ এই কেকটো ডুবাই ৱাৰ্ল্ড ট্ৰেড চেন্টাৰত প্ৰদৰ্শন কৰা হৈছিল আৰু সকলোৱে অত্যন্ত পচন্দ ও কৰিছিল কেকটো ।

ডেৱীয়ে বনোৱা এইটোৱে কেৱল ব্যতিক্ৰমী কেক নহয় । তেওঁ আগতেও চকী , ছোফা আদি বিভিন্ন আকৃতিত কেক বনাইছে ।

অন্য খবৰৰ বাবে পঢ়ক: চকুত টেটু বনাই বিপদত পৰিলে এগৰাকী যুৱতী , তিনি সপ্তাহ ধৰি হ’ল অন্ধ

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Next Story
চাকৰি