বাক্সা জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থা: হাৰাশাস্তিৰ সন্মুখীন স্থানীয় লোক

বাক্সা জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থা: হাৰাশাস্তিৰ সন্মুখীন স্থানীয় লোক

সৰ্বাঙ্গীন উন্নয়ন কথা কোৱা পৰিবৰ্তনকামী চৰকাৰৰ দিনতে বাক্সাৰ বহুতো গুৰুত্বপূৰ্ণ পথৰ অবস্থা অতি দুখ লগা । বাক্সা জিলাৰ ৰঙিয়া- গান্ধীবাৰী-নাগ্ৰীজুলিৰ পথৰ অবস্থা অতি শোচনীয় । এই পথছোৱায়ে বঙলীপাৰা আৰু গুৱাবাৰীহৈ নাগ্ৰীজুলিলৈকে তামুলপুৰ বিধানসভা সমষ্টিৰ ৰঙিয়া আৰু তামুলপুৰক সংযোগ কৰিছে ।

উল্লেখযোগ্য যে ৰঙীয়া, গান্ধীবাৰী আৰু নাগ্ৰীজুলিৰ লোকসকলৰ মাজত পূৰ্বৰ পৰাই সংযোগ আছে। এখন ঠাইৰ লোকে আনখন ঠাইৰ লোকৰ ওপৰত শিক্ষা অথবা অৰ্থনৈতিক দিশত নিৰ্ভৰশীল ।

মেট্ৰিকৰ পাছত গান্ধীবাৰী আৰু লতাবাৰীৰ ছাত্ৰ ছাত্ৰী সকলে নাগ্ৰীজুলি আৰু ৰঙীয়াত শিক্ষা গ্ৰহণ কৰিব লাগে । হাজাৰৰ অধিক লোকে ৰঙিয়া আৰু নাগ্ৰীজুলিলৈ ৰেলৰ যোগেদি অহা যোৱা কৰে।

কিন্তু ৰঙীয়া-গান্ধীবাৰী- নাগ্ৰীজুলিৰ পথৰ দুৰৱস্থাৰ বাবে স্থায়ীন লোকসকলে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে । মুছলপুৰ গুৰুত্বপূৰ্ণ পি ডব্লিউ ডিৰ পথছোৱাত নলা খন্দাৰ বাবে বন্ধ হৈ আছে । বাৰিষাৰ সময়ত এই নলাৰ কাম সমূহৰ চলি থকাৰ বাবে লোকসকলে যথেষ্ট অসুবিধা সন্মুখীন হৈছে । পথৰ দুৰৱস্থাৰ বাবে নাগৰিকে মটৰ চাইকেল আৰু চাইকেল ব্যবহাৰ কৰিব লাগে।

বহুবাৰ পথৰ মেৰামতি দাবীত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে দাবী জনাই আহিছে । কিন্তু পি ডব্লিউ ডিয়ে বিশেষ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ।

শনিবাৰে এজিৱাইচিপি, আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আঞ্চলিক সন্থায়ে গান্ধীবাৰী পথত পথৰ মেৰামতিৰ বাবে পথ অবৰোধ কৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰী সকলে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে|

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com