Begin typing your search above and press return to search.

ইনাৰ লাইন পাৰ্মিট আৰু অসমক বিশেষ মৰ্য্যদা দিয়াৰ বাবে কেন্দ্ৰক আহ্বান সত্ৰাধিকাৰ মঞ্চৰ

ইনাৰ লাইন পাৰ্মিট আৰু অসমক বিশেষ মৰ্য্যদা দিয়াৰ বাবে কেন্দ্ৰক আহ্বান সত্ৰাধিকাৰ মঞ্চৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2019 6:40 AM GMT

ইনাৰ লাইন পাৰ্মিট আৰু অসমক বিশেষ মৰ্য্যদা দিয়াৰ বাবে কেন্দ্ৰক আহ্বান সত্ৰাধিকাৰ মঞ্চৰ । অসমৰ সত্ৰাধিকাৰ সমাজৰ এক মঞ্চ অসম সত্ৰ মহাসভাই কেন্দ্ৰীয় চৰকাৰক অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আৰু বিশেষ মৰ্য্যদা দিয়াৰ বাবে দাবী জনায় । অসম সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে হোৱা গনতান্ত্ৰিক আৰু অহিংসা আন্দোলনক সম্পূৰ্ণ ৰূপে সমৰ্থন কৰে ।

বুধবাৰে সস্থাটোৰ সাধৰণ সম্পাদক কুসুম কুমাৰ মহন্তই দ্যা চেন্টিনেলৰ আগত কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ফলত অসমৰ জনসাধাৰণে সংকটৰ সন্মুখীন হৈছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনক সমৰ্থন কৰে অসম সত্ৰ মহাসভাই।‌ যদি অসমত কা- প্ৰনয়ন হয় তেতিয়া হলে অসমৰ জনসাধাৰণৰ ভাষা সংস্কৃতিত সংকট আহি পৰিব । লগতে সস্থাটোৰ জিলা কমিটীয়ে কা- বিৰুদ্ধে হোৱা অহিংসা প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ।

লগতে মহন্তই কয় যে তেওঁলোকে কেন্দ্ৰক আহ্বান জনাইছে যে অসমৰ মানুহক সুৰক্ষা প্ৰদানৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে । বিশেষ গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰই অসমৰ থলুৱা জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিব লাগে ।

তেওঁ কয় যে ১৯৭১ চনৰ পিছত অহা সকলো লোকেই বিদেশী। ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা অহা বহু লোকে অসমৰ থলুৱা জনসাধাৰণ ভূমিত হস্তক্ষেপ কৰি আছে । এয়া অসমৰ থলুৱা জনসাধাৰণ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকি আনিব পাৰে ।‌

লগতে অসম সত্ৰ মহাসভাই কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ । বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা তিনিদিনীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ অন্ত পৰে । কিন্তু তাৰ পিছতো সন্থাটোৱে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষনা কৰে । ৰাজ্যৰ চিকিৎসক সমাজ, শিল্পী সমাজ , সাহিত্য সমাজ , দল সংগঠনকে ধৰি ৰাজ্যৰ সাধৰণ জনতা ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে । অন্যহাতে বহু দল সংগঠনে এই আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত । এই সন্দৰ্ভত বুধবাৰ অৰ্থাৎ ১৮ ডিচেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল - স্হগিতাদেশ সন্দৰ্ভত কেন্দ্ৰ লৈ জাননী প্ৰেৰণ কৰে । আনহাতে উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি ২২ ডিচেম্বৰ তাৰিখে দিয়া হ'ব বুলি ঘোষনা উচ্চতম ন্যায়ালয়ৰ।‌

অন্য খবৰৰ বাবে পঢ়ক : সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ সামৰণি

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Rally Against CAA 2019 in Kokrajhar

Next Story
চাকৰি