Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অব্যাহতি ২০১১ বিশ্বকাপৰ হিৰো যুৱৰাজ সিঙৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অব্যাহতি ২০১১ বিশ্বকাপৰ হিৰো যুৱৰাজ সিঙৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 11:55 AM GMT

সোমবাৰে ২০১১ বিশ্বকাপৰ হিৰো যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অব্যাহতি লয় । মুম্বাইত যুবৰাজ সিঙে এই কথা প্ৰকাশ কৰে । ১৭ বছৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহন কৰাৰ পিছত আজি অব্যাহতি লৈছে বুলি প্ৰকাশ কৰে ।নোৱাৰে। ২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা যুৱৰাজে ২০১৭ চনত অন্তিম বাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল।ভাৰতৰ বাবে ৪০০ খন খেল খেলিবলৈ পোৱাৰ বাবে যথেষ্ট ভাগ্যৱান বুলি প্ৰকাশ কৰে যুৱৰাজ সিঙে । যেতিয়া প্ৰথম ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়া কেতিয়াও ইমান পৰ্যায় পাব বুলি ধাৰণা কৰিব পৰা নাছিলোঁ বুলি প্ৰকাশ কৰে যুৱৰাজ সিঙে ।

২০১১ চনৰ বিশ্বকাপত যুৱৰাজ সিঙে অংশগ্ৰহন কৰিছিল । ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে টুৱেন্টি টুৱেন্টিত ৬ টা বলত ৬ টা ৬ মাৰিছিল যুৱৰাজ সিঙে । ২০০৪ চনত লাহোৰত অনুষ্ঠিত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম শতক কৰিছিল ।

১৯৮১ চনত চণ্ডীগড়ত জন্ম গ্ৰহণ কৰিছিল যুৱৰাজ সিঙে। মাত্ৰ ১৩ বছৰ বয়সতে যুৱৰাজে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল। ১৯৯৭ চনত উৰিষ্যাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে যুৱৰাজে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰে। ১৯৯৯ চনত বিহাৰৰ বিৰুদ্ধে কোঁচ বিহাৰ ট্ৰফীত যুৱৰাজে ৩৫৮ ৰাণৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৯৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে যুৱৰাজে ভাৰতৰ ১৯–অনুৰ্ধৰ দলত স্থান লাভ কৰে।

২০০০ চনত যুৱৰাজ সিঙে ১৯–অনুৰ্ধৰ বিশ্বকাপ খেলাৰ সুযোগ পায়। যুৱৰাজ সিঙে ২০০০ চনৰ ১৯–অনুৰ্ধৰ বিশ্বকাপত বেটে বলে চমকপ্ৰ’দ প্ৰদৰ্শন আগবঢ়াই প্লেয়াৰ অৱ দ্যা ট’ৰ্ণামেণ্ট সন্মান লাভ কৰে। ১৯–অনুৰ্ধৰ বিশ্বকাপত ভাল প্ৰদৰ্শন কৰাৰ পিছত যুৱৰাজ সিঙে ২০০০ চনত ICC Knock Out Trophy ত দেশৰ হৈ খেলাৰ সুযোগ পায়। প্ৰতিযোগিতাখনত কেনিয়াৰ বিৰুদ্ধে যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই যদিও বেটিং কৰিবলৈ সুযোগ লাভ নকৰে। কিন্তু শৃংখলাটোৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৪ ৰানৰ এক সুন্দৰ ইনিংছ খেলে যুৱৰাজে।

২০০৭ চনৰ ছেপ্তেম্বৰ মাহত যুৱৰাজ সিঙক ভাৰতৰ এদিনীয়া দলৰ সহ অধিনায়ক আৰু মহেন্দ্ৰ সিং ধোনীক অধিনায়কৰ দায়িত্ব দিয়া হয়। পিছত বেটিং ব্যৰ্থতাৰ বাবে আকৌ এবাৰ ভাৰতীয় দলৰ পৰা বাদ পৰে যুৱৰাজ সিঙ। কিন্তু ২০১১ ৰ বিশ্বকাপ যুৱৰাজ সিঙৰ কেৰিয়াৰৰ বাবে এক সোনালী অধ্যায়। বিশ্বকাপত মুঠ ৩৬২ ৰান সংগ্ৰহ কৰাৰ লগতে ১৫ টা উইকেট দখল কৰে যুৱৰাজে। প্ৰতিযোগিতাখনত যুৱৰাজ মেন অৱ দ্যা ছিৰিজ বিবেচিত হয়।

ইয়াৰ পিছতেই যুৱৰাজ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয়। কৰ্কটৰ বিৰুদ্ধে জীৱন যুদ্ধত জয়লাভ কৰি যুৱৰাজে পুনৰ খেলপথাৰলৈ ঘূৰি আহে যদিও আগৰ দৰে প্ৰদৰ্শন আগবঢ়োৱাত কিছু পৰিমাণে থমকি ৰ’ব লগীয়া হয়।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি