৫০ খন বিদ্যালয়ৰ উৰ্ত্তীৰ্ণ হাৰ শূণ্য: শিক্ষা ব্যৱস্থাক দোষাৰোপ শিক্ষকৰ

৫০ খন বিদ্যালয়ৰ উৰ্ত্তীৰ্ণ হাৰ শূণ্য: শিক্ষা ব্যৱস্থাক দোষাৰোপ শিক্ষকৰ

বুধবাৰে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্য ৫০ খন বিদ্যালয়ৰ এজনো পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হোৱা নাই ।

শূণ্য উৰ্ত্তীৰ্ণ হাৰৰ অধিক বিদ্যালয়ে চৰকাৰী বিদ্যালয় । এই বিদ্যালয় সমূহত বছৰি চৰকাৰে এক বৃহৎ সংখ্যক ধন যোগান ধৰি আছে। যোৱা কেইবা বছৰ ধৰি কিছুমান বিদ্যালয়ে অতি বেয়া ফলাফল পদৰ্শন কৰি আহিছে ।

ছেবাৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ২৮৯ খন বিদ্যালয়ত উৰ্ত্তীৰ্ণৰ হাৰ শূণ্যৰ পৰা ৯ শতাংশ ।

চৰকাৰী বিদ্যালয় সমূহত শিক্ষকে এইক্ষেত্ৰত দোষাৰোপ কৰিছে শিক্ষা ব্যৱস্থাক লগতে সীমিত শৈক্ষিক দিন, অভিভাৱকৰ মাজত সজগতাৰ অভাৱ বুলি প্ৰকাশ কৰে ।

কটন কলেজিয়েত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য বলয় কুমাৰ বৰায়ে প্ৰকাশ কৰে যে শৈক্ষিক দিন সীমিত । প্ৰত্যেক বছৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হয় আমাৰ বিদ্যালয়ত যাৰ ফলত প্ৰায় ২ মাহ পাঠদানৰ পৰা বিৰত থাকিব লগা হয় ।

সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য মঞ্জু ৰানী বৰ্মনে প্ৰকাশ কৰে যে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিদ্যালয় ১ মাহ বন্ধ আছিল । দুবছৰ ধৰি ৫ জন শিক্ষক এন আৰ চিৰ কামত জৰিত আছে আৰু বৰ্তমান এন আৰ চি আবেদনৰ কেন্দ্ৰ হিচাপে বিদ্যালয় সমূহ ব্যৱহাৰ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com