Begin typing your search above and press return to search.

গোৱালপাৰাৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিতক উদ্ধাৰত সহায় জুবিন গাৰ্গৰ

গোৱালপাৰাৰ পৰা উভতি  অহাৰ পথত দুৰ্ঘটনাত পতিতক উদ্ধাৰত সহায় জুবিন গাৰ্গৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 12:49 PM GMT

মানৱতা তেওঁৰ প্ৰথম দায়িত্ব । এই কথা পুনৰ বাৰ প্ৰমাণ কৰিলে জুবিন গাৰ্গে। দুৰ্ঘটনাত পতিত হোৱা লোকক উদ্ধাৰত সহায় কৰে জনপ্ৰিয় শিল্পী গৰাকীয়ে। জুবিন গাৰ্গৰ এনে মহানুভুতি এয়ায়ে প্ৰথম নহয় ।

গোৱালপাৰাৰ ৰংজুলীৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা পতিত হোৱা প্ৰতক্ষ্য কৰে শিল্পী গৰাকীয়ে । দুৰ্ঘটনাটো প্ৰতক্ষ্য কৰিয়ে জনপ্ৰিয় শিল্পী গৰাকীয়ে গাড়ী ৰখাই দুৰ্ঘটনাত পতিত লোক সকলক উদ্ধাৰ কৰাত সহায় কৰে । দুৰ্ঘটনাত পতিত লোক কেইজন নলা এটাত পৰি আছিল ।পথৰ দুই কাষে আঘাতপ্ৰাপ্ত আৰোহী কেইজন তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে । জুবিন গাৰ্গে এই লোককেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জুবিনে এইদৰে দূৰ্ঘটনাগ্ৰস্ত লোকক কেতিয়াও এৰি থৈ নাযায় । দুৰ্ঘটনাতোৰ সমগ্ৰ ঘটনাটো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে ।

গৰিমা শইকীয়া গাৰ্গে তেওঁৰ ফালৰ পৰা ঘটনাটো বৰ্ননা কৰিছে যে ,"হ‌য়তো, নিজৰ ভগ্নী আৰু প্ৰিয় বন্ধুক এনে এটা পথ দূৰ্ঘটনাতে সহায়ৰ বাবে হাঁহাকাৰ কৰি অৱশেষত হেৰুৱাব লগা হৈছিল বাবে ,,,আৰু যাতে কাৰো তেনেকুৱা সময় নাহক,সেই প্ৰাৰ্থনাৰেই এনে সময়ত তেওঁ সকলো পাহৰি যি পাৰে সহায় আগবঢ়াবলৈ উঠি পৰি লাগি যায় । "সেইসময়ত জুবিনৰ মুখত সেই সন্ত্ৰাস , কোনোবাই কাৰোবাক হেৰুৱাৰ ভয় স্পষ্টকৈ পৰিলক্ষিত হৈছিল । যিটো ঘটনা তেওঁৰ লগত বহু বছৰৰ পূৰ্বে সংঘটিত হৈ লৈছিল সেই ভয় জুবিনৰ মুখত স্পষ্টকৈ দেখা গৈছিল বুলি প্ৰকাশ কৰে ।

গৰিমা শইকীয়া গাৰ্গে ফেচবুক পষ্টটোত প্ৰকাশ কৰিছিল,"এনেবোৰ মূহুৰ্তত আজিও তেওঁৰ চকুত দেখা পাওঁ এক বুজাব নোৱাৰা আৱেগ, অসহায় এক উদ্বিগ্নতা ... তৎপৰতাৰ মাজতো কিবা যেন এক জড়তা !! ক'ব নোৱাৰা হৈ যায় মানুহজন !!

লগতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰে যে,"উত্তেজনাপূৰ্ণ সেই সময়বোৰৰ মাজতে মোক আৱেগিক কৰি তুলিছিল আঘাটপ্ৰাপ্ত যুৱক এজনৰ চকুৰ অদ্ভূত এক তিৰবিৰণিয়ে । বৰ কষ্টেৰে এটা হাঁহি মাৰি চাইছিল জুবিনৰ চকুলৈ । বিষত কেঁকাই থকাৰ মাজতে লʼৰাজনে তেজলগা এখন হাতেৰে বাৰে বাৰে চুই চাইছিল তেওঁক ডাঙি ধৰা জুবিনৰ হাত । ল'ৰাজনে যেন ওলোটাই আশ্বাস দিছিল, "দাদা আপুনি ইমান অধীৰ নহʼবচোন । আমি ঠিক হৈ যাম নহয় " ।

জুবিনৰ মহানুভৱতাৰ এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও জুবিনে বিভিন্ন কামেৰে পৰিচয় দিছে বিশাল হৃদয়ৰ। সদাই আনক সহায় কৰি ভাল পায় জুবিনে। নিজৰ কণ্ঠৰ লগতে তেওঁৰ এনেধৰণৰ কামৰ বাবেই প্ৰতিজন অসমবাসীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিছে জুবিনে।

অধিক খবৰৰ বাবে পঢ়ক:“শিশুক শান্তিত ডাঙৰ হবলৈ দিয়ক, জীয়াই থাকিবলৈ দিয়ক,” মৃত্যুৰ পাছত কোনো ন্যায় নাই “: আলফালৈ আহ্বান জুবিন গাৰ্গৰ

Next Story
চাকৰি