Begin typing your search above and press return to search.

উপাৰ্জনৰ শীৰ্ষত কাঞ্চনজংঘা:চেৰ পেলালে ছুপাৰহিট ছবি বাহুবলী ২ ক

উপাৰ্জনৰ শীৰ্ষত কাঞ্চনজংঘা:চেৰ পেলালে ছুপাৰহিট ছবি বাহুবলী ২ ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 12:28 PM GMT

অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰ ৷ কাৰণ জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই চেৰ পেলালে বাহুবলী ২ ৰ উপাৰ্জনক । ইয়াৰ লগে লগে উত্তৰ পূবত সকলোতকৈ বেছি উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হয় কাঞ্চনজংঘা। ইফালে কাঞ্চন জংঘাৰ সাফল্যত উৎফুল্লিত হৈ প্ৰযোজক তথা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰে যে মই জনাবলৈ পাই বহুত সুখী যে কাঞ্চনজংঘাই বলীউডৰ বাহুবলীৰ উপাৰ্জনক চেৰ পেলাইছে৷

লগতে উত্তৰ পূবত এতিয়ালৈকে অধিক উপাৰ্জন কৰা ছবি ৰূপে পৰিগণিত হৈছে ৷ আনহাতে গৰিমা শইকীয়া গাৰ্গে সমূহ অসমবাসী দৰ্শকক ছবিখনৰ কাৰণে দেখুওৱা মৰম,আদৰৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে । আৰু ভৱিষ্যতেও অসমীয়া ৰাইজৰ মৰম আৰ্শীবাদ পাব বুলি আশা প্ৰকাশ কৰিছে গৰিমা গাৰ্গে ৷

https://www.facebook.com/garima.s.garg/posts/10158164895729369

অসমৰ লগতে বিভিন্ন দেশ বিদেশৰ শ্ৰোতাক সুন্দৰ কণ্ঠৰে আপ্লুত কৰা জুবিন গাৰ্গে সমকালীন বিষয়সমূহক গুৰুত্ব পূৰ্ণ ভাৱে উত্থাপন কৰিছে ছবি সমূহত। লগতে অনুৰাগীক সাম্প্ৰতিক সময়ৰ সংবেদনশীল বিষয়বস্তৰ লগত চিনাকী কৰাই দিয়ে জুবিন গাৰ্গে ৷ অন্যহাতে জুবিন গাৰ্গৰ ছবি সমূহ কেৱল মনোৰঞ্জনৰ কাৰণেই নহয় ,বৰঞ্চ জনসাধাৰণক সাম্প্ৰতিক সময়ৰ বিষয়ৰ লগতে নতুনকৈ পৰিচয় কৰাই দিয়ে ৷

উল্লেখ্য যে কাঞ্চনজংঘা ছবিখন সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ লগত জৰিত ৷ য’ত সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ সন্মুখত অহা বিভিন্ন প্ৰত্যাহ্বানসমূহ সুন্দৰকৈ ফুটি উঠিছে। ছবিখনত জুবিন গাৰ্গৰ উপৰিও পিংকী শৰ্মা,ধৃতিমান ফুকন,শশাংক সমীৰ,পবিত্ৰ ৰাভাৰ লগতে বহু ন পুৰণি শিল্পীয়ে অভিনয় কৰিছে।

আনহাতে জুবিন গাৰ্গৰ ছবি মানেই এক বিশেষ আনন্দৰ ধুমুহা আহে অনুৰাগীসকলৰ মাজত৷ বিগত সময়ত মুক্তি পোৱা মিশ্যন চাইনাই অসমীয়া ছবিজগতত এক আশাৰ বতৰা কঢ়িয়াই আনিছিল ৷ ইয়াৰ পিছত জুবিনে আৰম্ভ কৰিছিল কাঞ্চন জংঘাৰ কাম ৷ দিন ৰাতি একাকাৰ কৰি কাঞ্চনজংঘাৰ প্ৰচাৰ কৰিছিল জুবিন গাৰ্গে ৷ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ কেৱল ছবিৰ প্ৰচাৰ ব্যস্ত হৈ পৰিছিল জুবিন গাৰ্গ আৰু কলা কুশলী সকল ৷ ছবিখনৰ কাহিনীৰ লগতে গীতসমূহেও বিশেষ জনপ্ৰিয়তা লাভ কৰিছে দৰ্শকৰ মাজত ৷গতিকে সকলোৱে সম্প্ৰতি অসমীয়া ছবিজগতলৈ সুদিন আহিব বুলি আশা প্ৰকাশ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান: Someone to watch বঁটা প্ৰদান অসম কন্যাক

ভিডিঅ প্ৰতক্ষ্য কৰক:Road Accident in Orang, One killed

Next Story
চাকৰি