ইছৰ'য়ে সফলতাৰে উৎক্ষেপন কৰিলে RISAT-2B উপগ্ৰহ

ইছৰ'য়ে সফলতাৰে উৎক্ষেপন কৰিলে RISAT-2B উপগ্ৰহ

আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে সফলতাৰে উৎক্ষেপন কৰিলে নতুন উপগ্ৰহ RISAT-2B । দেশৰ নতুন মাইক্ৰৱেভ পৃথিৱী পৰ্যবেক্ষক উপগ্ৰহ উৎক্ষেপন কৰে ইছৰ'য়ে । ইছৰ'য়ে মুকলি কৰা এই নতুন উপগ্ৰহটো ৫৫৫ কিলোমিটাৰ উচ্চতাত স্থাপন কৰা হৈছে ।

এই নতুন উপগ্ৰহটোৰ যোগেদি ডাৱৰ নেওচি লগতে নিশাও পৰ্যবেক্ষন কৰিব পাৰিব । সেয়েহে এই উপগ্ৰহটো বিশেষকৈ সেনা বাহিনীৰ লগতে কৃষিখণ্ডৰ পূৰ্বাভাস আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ সমূহৰ বাবে অতি আবশ্যকীয় ।

শ্ৰীহৰিকোটৰ পৰা ইছৰ'য়ে উৎক্ষেপন কৰা এই উপগ্ৰহটো অতি গুৰুত্বপূৰ্ণ আৰু জটিল আছিল বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধক্ষ্য কে. শিবানে প্ৰকাশ কৰে ।

লগতে ডঃ শিবানে কয় যে দুটা অতি গুৰুত্বপূৰ্ণ "piggyback " ট্ৰেইল "payloads য়ে ইছৰ'ৰ ভৱিষ্যতৰ বাবে বিপ্লৱ সূচনা কৰিব বুলি প্ৰকাশ কৰে ।

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটৰ পৰা ৬১৫ কেজি ওজনৰ RISAT-2B উপগ্ৰহটো পুৱা ৫.৩০ বজাত উৎক্ষেপন কৰা হয়। এই উপগ্ৰহটো PSLV-C46 ৰ পৰা কৰা হয় ।

এই উপগ্ৰহটোৰ যোগেদি সামৰিক দিশৰ লগতে কৃষি,বন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো সহায় কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com