উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় : নেছো

Published on

কেন্দ্ৰীয় চৰকাৰক উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছোই সোমবাৰে সকীয়াই দিয়ে যে উত্তৰ পূৰ্বাঞ্চল অবৈধ বালাংদেশীৰ ডাষ্টবিন নহয়।উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অধ্যক্ষ ছেমুৱেল জেৰৱা আৰু সম্পাদক প্ৰধান শ্ৰীনাম প্ৰকাশে বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধয়ক-২০১৬ সন্দৰ্ভত কয় যে কেন্দ্ৰই জোৰ জুলুমকৈ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত এই বিধেয়ক জাপি দিবলৈ চেষ্টা কৰিলে পৰিস্থিতি ভয়ানক হব।

উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনটোৱে ২০ নৱেম্বৰত গুৱাহাটীত আছুৰ উদ্যোগত বিদেশী(সংশোধনী)নিৰ্দেশ-২০১৫, পাৰপত্ৰ (ভাৰত প্ৰবেশ) নিয়ম-২০১৫,নাগৰিকত্ব সংশোধনী বিল,২০১৬ ৰ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব। অহা ৩০ নৱেম্বৰত অন্য সাতখন ৰাজ্যৰ ৰাজধানী চহৰত নেছোৱে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিব। সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ জনমত উপেক্ষা কৰিলে সময়ত কঠোৰ পৰিনাম ভোগ কৰিব লাগিব বুলি সকীয়াই দি দীৰ্ঘম্যাদী ভিছা বাতিল হবই লাগিব বুলি দাবী কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com