কাগজ কলৰ পুনৰাম্ভৰ দাবীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

কাগজ কলৰ পুনৰাম্ভৰ দাবীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Published on

যোৱা ১১ চেপ্তেম্বৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নগাঁও কাগজ কলৰ সন্মুখত নগাঁও আৰু কাছাৰৰ হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।সন্থাটোৰ প্ৰধান নেতৃবৰ্গই জনোৱা অনুসৰি,তেঁওলোকে উত্তেজনামুলক ব্যৱস্থা যেনে; জাগীৰোডৰ ৰেলেৱে লাইন অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় ঘেৰাও কৰাৰ দৰে ব্যৱস্থা হাতত লব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ পুনৰাম্ভ কৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে তেওঁলোকে দুয়োখন চৰকাৰক অভিযোগ প্ৰদান কৰিছে।যোৱা কেইবা বছৰ ধৰি কাগজ কল দুটাৰ কাৰ্য্য বন্ধ হৈ থকাৰ লগতে কৰ্মচাৰী সকলেও আৰ্থিক সংকটত ভুগিব লগা হৈছে।তেওঁলিকে বাৰে বাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সুপদক্ষেপ গ্ৰহন কৰিবৰ বাবে দাবী জনোৱাৰ পিছতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত নেতৃবৰ্গই শোক প্ৰকাশ কৰিছে।অতি সোনকালে মিল তথা কাগজ কল দুটা কাৰ্য্যক্ষম কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com